নেশ্যনেল ডেস্ক, ১৬ জানুৱাৰী:২০২৩-২৭ বৰ্ষৰ বাবে ৯৫১ কোটি টকাত মহিলাৰ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ চমুকৈ আইপিএলৰ(Women Indian Premier League)ৰ মিডিয়া স্বত্ব লাভ কৰে Viacom18 এ ৷ মহিলা ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (ডব্লিউআইপিএল)ৰ মিডিয়া স্বত্ব নিলাম হোৱাৰ লগে লগে সোমবাৰে বহু দাবীদাৰৰ মাজত Viacom18 এ বৃহৎ পৰিমাণৰ ধন পৰিশোধ কৰি এই অধিকাৰ লাভ কৰে (viacom18 wins womens ipl media rights) ৷
ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডৰ (বিচিচিআই) সচিব জয় শ্বাহে (BCCI secretary Jay Shah on Twitter) তেওঁৰ টুইটাৰ একাউণ্টত এই ঘোষণা কৰি কয়, "মহিলা@IPL মিডিয়া স্বত্ব লাভ কৰাৰ বাবে @viacom18ক অভিনন্দন । @BCCI আৰু @BCCIWomen ওপৰত আপোনালোকৰ বিশ্বাসৰ বাবে ধন্যবাদ । VIACOM এ ৯৫১ কোটি টকাৰ প্ৰতিশ্ৰুতি দিছে যাৰ অৰ্থ হৈছে পৰৱৰ্তী ৫ বছৰৰ বাবে (২০২৩-২৭) প্ৰতিখন মেচ মূল্য ৭.০৯ কোটি টকা। মহিলা ক্ৰিকেটৰ বাবে এইটো বৰ ডাঙৰ খবৰ।"
লগতে পঢ়ক:Hockey World Cup 2023: হকী বিশ্বকাপ: স্পেইনক ২-০ গ’লত পৰাস্ত টীম ইণ্ডিয়াৰ
এই বছৰৰ মাৰ্চত মহিলাৰ আই পি এল অনুষ্ঠিত হোৱাৰ (Women Indian Premier League) সম্ভাৱনা আছে বুলিও টুইটটোত উল্লেখ কৰে বিচিচিআইৰ সচিব জয় শ্বাহে ।