অসম

assam

ETV Bharat / bharat

"বৃহত্তৰ টিপ্ৰালেণ্ড" সন্দৰ্ভত প্ৰশ্নৰ উত্থাপন হৰিনাথ দেৱবাৰ্মাৰ

এইবাৰ "বৃহত্তৰ টিপ্ৰালেণ্ড"ৰ ধাৰণাক লৈ প্ৰশ্ন উত্থাপন কৰিলে প্ৰবীণ জনজাতীয় নেতা হৰিনাথ দেৱবাৰ্মাই । ত্ৰিপুৰা জনজাতীয় অঞ্চল স্বায়ত্ব শাসিত জিলা পৰিষদৰ নিৰ্বাচনৰ পূৰ্বে এই ধাৰণাৰ প্ৰতি সমৰ্থন আগবঢ়াইছিল নেতাগৰাকীয়ে । এতিয়া তেওঁ এক ভিডিঅ' বাৰ্তাৰ জৰিয়তে এই সন্দৰ্ভত অৱতাৰণা কৰিছে বিভিন্ন প্ৰশ্ন ।

Veteran tribal leader Harinath Debbarma ask question on Greater Tipraland
"বৃহত্তৰ টিপ্ৰালেণ্ড" সন্দৰ্ভত প্ৰশ্নৰ উত্থাপন হৰিনাথ দেৱবাৰ্মাৰ

By

Published : Sep 3, 2021, 4:27 PM IST

নেশ্যনেল ডেস্ক, ৩ ছেপ্টেম্বৰ: প্ৰবীণ জনজাতীয় নেতা হৰিনাথ দেৱবাৰ্মাই টি আই পি আৰ এ ম'থাৰ "বৃহত্তৰ টিপ্ৰালেণ্ড"ক লৈ উত্থাপন কৰিছে কেইবাটাও প্ৰশ্ন । তেওঁ কয় যে, "বৃহত্তৰ টিপ্ৰালেণ্ড"ৰ ধাৰণাটো এতিয়াও বহুতৰ বাবে অস্পষ্ট আৰু সেয়ে, এই ধাৰণাটো অধিক স্পষ্টকৈ ব্যাখ্যা কৰাৰ প্ৰয়োজন আছে । কেইজনমান বন্ধুৰ সৈতে লগ হৈ ত্ৰিপুৰা উপজাতি যুৱ সমিতি (Tripura Upajati Juba Samiti) আৰু পিছত আই পি এফ টি(Indigenous People’s Front of Tripura) প্ৰতিষ্ঠা কৰা প্ৰবীণ নেতাজন জনজাতীয় ৰাজনীতিৰ বিচক্ষণ ৰাজনীতিবিদ হিচাপে পৰিচিত । তেওঁ কয় যে, "বৃহত্তৰ টিপ্ৰালেণ্ড"ৰ ধাৰণাটো অধিক স্পষ্ট হোৱা প্ৰয়োজন আৰু সেয়ে জ্যেষ্ঠ নেতাসকলে এই বিষয়ত গুৰুত্ব দিয়া উচিত ।

তেওঁ লগতে কয় যে, "আমি নাজানো যে এই ধাৰণা কেৱল ত্ৰিপুৰা জনজাতীয় অঞ্চল স্বায়ত্ব শাসিত জিলা পৰিষদৰ অঞ্চলতে সীমাবদ্ধ থাকিব নে ইয়াৰ ৰাজনৈতিক সীমাৰ বাহিৰত সমগ্ৰ অঞ্চলক সামৰি ল'ব" । দেৱবাৰ্মাই লগতে টিটিএএডিচিৰ সাধাৰণ এলেকাকে ধৰি টিটিএএডিচিৰ আঞ্চলিক সীমাৰ বাহিৰতো ইয়াক সম্প্ৰসাৰিত কৰাৰ কোনো পৰিকল্পনা আছে নেকি সেই বিষয়েও জানিব বিচাৰে । লগতে এই ধাৰণাই সাধাৰণ এলেকাবোৰো সামৰি ল'ব নেকি বুলি প্ৰশ্ন কৰে । তেওঁ কয় যে, তেওঁ টিটিএএডিচি পৰিষদত গৃহীত "বৃহত্তৰ টিপ্ৰালেণ্ড" প্ৰস্তাৱৰ এটা প্ৰতিলিপি বিচাৰিছিল, কিন্তু নেতাসকলে প্ৰতিলিপি লোৱাত অনুমতি দিয়া নাছিল ।

বৃহত্তৰ টিপ্ৰালেণ্ডৰ ভৌগোলিক মানচিত্ৰৰ বিষয়ে জানিবলৈ ৰাইজ আগ্ৰহী বুলি তেওঁ মন্তব্য কৰে । যি কি নহওক তেওঁৰ বিবৃতিয়ে স্পষ্ট কৰি দিছিল যে, বাৰে বাৰে স্পষ্টীকৰণ দিয়া স্বত্বেও, প্ৰদ্যুৎ কিশোৰ দেৱবৰ্মনৰ "বৃহত্তৰ টিপ্ৰালেণ্ড"ৰ ধাৰণাটোৱে নিজৰ নেতাসকলকে সন্তুষ্ট কৰাত ব্যৰ্থ হৈছে । টি আই পি আৰ এ ম'থাৰ ভিতৰচ'ৰাত আৰম্ভ হ'বলৈ ধৰা ক্ষুদ্ৰ ক্ষুদ্ৰ ফাঁটবোৰ এতিয়া দৃশ্যমান হৈ পৰিছে আৰু প্ৰদ্যুতৰ "থানচা(একতা)"ৰ সপোনে সম্পূৰ্ণ বিপৰীত লোৱাৰ উপক্ৰম হৈছে ।

একেদৰে অধিবক্তা হৰিধন দেৱবাৰ্মায়ো বৃহত্তৰ টিপ্ৰালেণ্ড বিধেয়ক সন্দৰ্ভত একেটা প্ৰশ্নকে উত্থাপন কৰিছিল । এই সন্দৰ্ভত স্পষ্টীকৰণ বিচৰা হৰিনাথ দেৱবাৰ্মাৰ ভিডিঅ' ক্লিপটো সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে । আনহাতে, এই বিষয় সন্দৰ্ভত প্ৰদ্যুৎ কিশোৰ দেৱবৰ্মনে কয় যে, এয়া তেওঁক আৰু তেওঁৰ যুঁজক দুৰ্বল কৰাৰ এক প্ৰয়াস মাথোঁ । তেওঁ কয় যে, তেওঁ প্ৰবীণ নেতা হৰিনাথ দেৱবৰ্মাৰ ভাইৰেল হোৱা ভিডিঅ'টো চাইছে, যিটো ভিডিঅ'ৰ জৰিয়তে তেওঁ বৃহত্তৰ টিপ্ৰালেণ্ড মানচিত্ৰৰ বিষয়ে স্পষ্টীকৰণ বিচাৰিছে ।

হৰিনাথ দেৱবাৰ্মাৰ দৰে জ্যেষ্ঠ নেতাৰ পৰা তেওঁ এনে প্ৰশ্ন কেতিয়াও আশা কৰা নাই বুলি মন্তব্য কৰে । নেতাগৰাকীক তেওঁ সদায় সন্মান কৰি আহিছে বুলি মত প্ৰকাষ কৰে প্ৰদ্যুৎ কিশোৰ দেৱবৰ্মনে । তেওঁৰ মতে, বেছিভাগ ৰাজনীতিবিদ কেৰিয়াৰ কেন্দ্ৰিক আৰু এনে মনোভাৱে নেতাসকলক ৰাইজৰ বাবে কাম কৰাত বাধা দিয়ে ।

লগতে পঢ়ক:ত্ৰিপুৰাত অনুষ্ঠিত হ'ব তৃণমূল কংগ্ৰেছৰ ১৫ দিনীয়া সদস্য ভৰ্তি অভিযান

ABOUT THE AUTHOR

...view details