নেশ্যনেল ডেস্ক,১৫ অক্টোবৰ :ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ অন্যতন গুৰুত্বপূৰ্ণ প্ৰকল্প গগনযানৰ অংশ টিভি ডি-১ (টেষ্ট ভেহিকেল ডেভেলপমেণ্ট ফ্লাইট ১)ৰ প্ৰথমটো পৰীক্ষামূলক উৰণ ২১ অক্টোবৰত কৰা হ'ব । শনিবাৰে সংবাদ মাধ্যমত এই কথা প্ৰকাশ কৰিছে ইছৰোৰ মুৰব্বী ড৹ এছ সোমনাথে । তেওঁ উল্লেখ কৰা মতে ডি-১ পৰীক্ষাৰ অন্তত একে ধৰণৰ প্ৰায় ৩ টা পৰীক্ষা কৰা হ'ব । ইফালে অহা বছৰৰ শেষৰফালে মানৱ মহাকাশ ভ্ৰমণৰ সময়ত ভাৰতীয় মহাকাশচাৰীসকলক ৰাখিব লগা ক্ৰু মডিউল পৰীক্ষাৰ বাবে অন্ধ্ৰপ্ৰদেশৰ শ্ৰীহৰিকোটাৰ সতীশ ধাৱান মহাকাশ কেন্দ্ৰত বাহন বিকাশ বিমানৰ (টিভি-ডি১) পৰীক্ষামূলক উৰণ সম্পন্ন কৰা হ'ব ।
সোমনাথে মাদুৰাইত সাংবাদিকক কয় যে পৰীক্ষণ বাহন ডি-১ অভিযান ২১ অক্টোবৰত কৰা হ'ব । এয়া গগনযান অভিযানৰ অংশ । তেওঁ কয় যে গগনযান কাৰ্যসূচীত ক্ৰু এস্কেপ প্ৰণালী প্ৰদৰ্শন কৰোতে পৰীক্ষাৰ প্ৰয়োজন হয় । ক্ৰু এস্কেপ চিষ্টেম গগনযানৰ এটা অতি গুৰুত্বপূৰ্ণ প্ৰণালী । এই টিভি ডি-১ত অন্তৰ্ভুক্ত থাকে ক্ৰু মডিউলটো বাহিৰৰ মহাকাশলৈ উৎক্ষেপণ কৰা, ইয়াক পৃথিৱীলৈ ঘূৰাই অনা আৰু বংগোপসাগৰত অৱতৰণ কৰি তাক উদ্ধাৰ কৰা ।
সোমনাথে কয় যে পৰীক্ষণটো হ'ব বিমানৰ এক স্থিতিত ক্ৰু এস্কেপ প্ৰণালী প্ৰদৰ্শন কৰা । সেয়েহে ইছৰোৱে প্ৰদৰ্শন কৰি থকা এই পৰিস্থিতিক ট্ৰেন্সনিক অৱস্থা বুলিও কোৱা হয় । ইয়াৰ পাছত প্ৰতি মাহে কমেও এটাকৈ পৰীক্ষণৰ সুযোগ পাব বুলিও তেওঁ উল্লেখ কৰে । এই পৰীক্ষণ বাহনখন উৎক্ষেপণৰ পাছত ইছৰোৱে জিএছএলভি আৰু পিএছএলভিৰ পৰা উৎক্ষেপণ কৰিব । তাৰ পাছত গগনযান এক মানৱবিহীন অভিযান হ'ব । তেওঁ কয় যে মাজতে এটা পিএছএলভি উৎক্ষেপণ কৰা হ'ব । গতিকে জানুৱাৰীৰ পূৰ্বে দেশবাসীয়ে ৪-৫ টা উৎক্ষেপণ প্ৰত্যক্ষ কৰিব ।