নিউজ ডেস্ক, 1 ছেপ্তেম্বৰ: গোষ্ঠী সংঘৰ্ষত জৰ্জৰিত মণিপুৰত হিংসাৰ জুই বৰ্তমানেও সম্পূৰ্ণৰূপে নিৰ্বাপিত হোৱা নাই ৷ যোৱা তিনিদিনত মণিপুৰত 5 জন নিহত, 20 জন আহত হোৱাৰ খবৰ পোবৰলৈ আহিছে ৷ ধাৰাবাহিক গুলীচালনা অব্যাহত আছে বুলিও জানিব পৰা গৈছে ৷
মণিপুৰৰ বিষ্ণুপুৰ আৰু চুৰাচান্দপুৰ জিলাত বৃহস্পতিবাৰৰ নিশালৈকে কুকি আৰু মেইটেইৰ মাজত গুলীয়াগুলি চলি থকাৰ সময়তে বিগত তিনিদিনত এজন জনজাতীয় গীতৰ সুৰকাৰ আৰু এজন গাঁও প্ৰতিৰক্ষা স্বেচ্ছাসেৱককে ধৰি কমেও 5 জন লোক নিহত হোৱাৰ লগতে 20 জন লোক আহত হয় বুলি বৃহস্পতিবাৰৰ নিশা বিষয়াসকলে জনায় ।
সূত্ৰসমূহে জনোৱা মতে, অবিৰত গুলীচালনাৰ ফলত যোৱা তিনিদিনত মৃত্যু হোৱা লোকৰ সংখ্যা ছয়ৰ পৰা সাতজন হৈছিল যদিও বিষয়াসকলে বৰ্তমানেও এইক্ষেত্ৰত নিশ্চিত তথ্য প্ৰকাশ কৰা নাই । নিহত লোককেইজনৰ ভিতৰত শিল্পী এল.এছ মাংবৈ লুংদিমো আছে বুলি বিষয়াসকলে জনায় ৷
উল্লেখ্য যে, 3 মে'ত মণিপুৰত গোষ্ঠীসংঘৰ্ষ সংঘটিত হোৱাৰ পিছতে এল.এছ মাংবৈ লুংদিম "আই গাম হিলৌ হাম (এইটো আমাৰ মাটি নহয়নে?)" শীৰ্ষক গীতটো ৰচনা কৰি বিপুল জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছিল প্ৰয়াত শিল্পীগৰাকীয়ে ৷ গোষ্ঠী সংঘৰ্ষত জৰ্জৰিত মণিপুৰত লুংদিমৰ গীতবোৰ জনজাতীয় ঐক্যৰ বাবে এক সমবেত কণ্ঠত পৰিণত হৈছিল ।
ইম্ফলত আৰক্ষী বিষয়াসকলে জনোৱা মতে, বৃহস্পতিবাৰে সন্ধিয়ালৈকে বিষ্ণুপুৰৰ পাদদেশ আৰু চুৰাচান্দপুৰ জিলাৰ কাষৰীয়া অঞ্চলসমূহত গুলীচালনা অব্যাহত আছিল, যাৰ ফলত কুকি আৰু মেইটেইৰ মাজত প্ৰচণ্ড গুলীয়াগুলী চলা পৰিলক্ষিত হৈছিল । মণিপুৰৰ বিষ্ণুপুৰ আৰু চুৰাচান্দপুৰ জিলাত গুলীচালনাৰ ফলত আঘাতপ্ৰাপ্ত দুজন ব্যক্তিৰ বৃহস্পতিবাৰে মৃত্যু ঘটে ।
আৰক্ষীয়ে জনোৱা মতে, বুধবাৰে হোৱা বোমা বিস্ফোৰণৰ ফলত মূৰত আঘাত পোৱা এজন যুৱকক মিজোৰাম হৈ চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসালয়লৈ স্থানান্তৰিত হোৱাৰ সময়তে মৃত্যু ঘটে । আনহাতে, ঘটনাটোত আহত আন এজন ব্যক্তিৰ চিকিৎসাধীন অৱস্থাতে হৈ থকা চুৰাচান্দপুৰ জিলা চিকিৎসালয়ত বৃহস্পতিবাৰে মৃত্যু হয় ।
প্ৰতিৰক্ষা সূত্ৰই জনোৱা মতে, বৃহস্পতিবাৰে সন্ধিয়া লেইমাখঙৰ ওচৰত অগ্নিসংযোগ কৰাৰ বাবে চেষ্টা চলোৱা হৈছিল যদিও সেনাবাহিনীৰ দলে গ্ৰহণ কৰা তাৎক্ষণিক পদক্ষেপৰ বাবে সেয়া সম্ভৱপৰ হৈ নুঠিল । চিংমাং গাঁৱৰ সমীপত এটা খালী ঘৰৰ পৰা জুইৰ শিখা আৰু ধোঁৱা ওলাই অহা লক্ষ্য কৰে সেনাবাহিনীৰ দলে । পলম নকৰাকৈয়ে কৰ্মীসকলে জপিয়াই পৰে আৰু জুই নুমুৱাবলৈ সক্ষম হয় ।
এই কাণ্ডৰ কেইমিনিটমানৰ ভিতৰতে সেনাবাহিনীৰ তিনিটা ৱাটাৰ ব’জাৰে সেই স্থানত উপস্থিত হয় আৰু জুই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় । ইফালে, অগ্নিসংযোগৰ চেষ্টাৰ সৈতে জড়িতসকলক গ্ৰেপ্তাৰ কৰিবলৈ কম্বিং অভিযানো অব্যাহ ৰাখিছে আৰক্ষীয়ে । প্ৰতিৰক্ষা মুখপাত্ৰই জনোৱা মতে, সেনাবাহিনীৰ দ্ৰুত পদক্ষেপে ঘৰটোৰ লগতে সমীপৰ ঘৰবোৰলৈ জুইৰ শিখা বিয়পি পৰাত বাধা দিয়ে ।
মণিপুৰ আৰক্ষীয়ে এক বিবৃতিযোগে কয় যে বিভিন্ন ছ’চিয়েল মিডিয়াত ল’নফাই, খোছাবুং, কাংভাই আৰু সুগনু অঞ্চলত আক্ৰমণ চলা বুলি প্ৰচাৰ হৈ আছে ৷ আৰক্ষীয়ে কাংভাই আৰু সুগনুত এনে কোনো ঘটনা হোৱা নাই বুলি স্পষ্ট কৰি দিছে । কিন্তু লনফাই আৰু খোছাবুঙত গুলীয়াগুলীৰ ঘটনা সংঘটিত হৈছিল । অঞ্চলটোত নিয়োজিত নিৰাপত্তা বাহিনীয়ে পদক্ষেপ গ্ৰহণ কৰাৰ পিচতে নিয়ন্ত্ৰণলৈ আনিবলৈ সক্ষম হয় উত্তপ্ত পৰিস্থিতিৰ ।
আৰক্ষীৰ এক সুকীয়া বিবৃতিত কোৱা হৈছে যে তালাচী অভিযানৰ সময়ত চুৰাচান্দপুৰৰ পৰা 20 টা বোমা, লুটপাত চলায় অনা তিনিটা অস্ত্ৰ, 20 টা ভিন্ন প্ৰকাৰৰ গুলী, আৰু 30 গ্ৰাম বাৰুদ উদ্ধাৰ কৰা হৈছে ।
লগতে পঢ়ক:Rahul Slams Modi: আদানিৰ বিনিয়োগত কাৰ প্ৰকৃত ধন আছে ? ৰাহুল গান্ধীৰ প্ৰশ্ন