নেশ্যনেল ডেস্ক, ১২ জুন :দেওবাৰৰ পৰা উত্তৰ প্ৰদেশৰ বাৰাণসীত অনুষ্ঠিত হৈ আছে জি-২০ সন্মিলন ৷ এই সন্মিলনৰ আজি দ্বিতীয়টো দিন ৷ জি-২০ সন্মিলনৰ দ্বিতীয় দিন পুৱা ৯:৩০ বজাৰ পৰা ট্ৰেড ফেচিলিটেশ্যন চেণ্টাৰত আৰম্ভ হয় অনুষ্ঠানৰ কাৰ্যসূচী । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এক ভিডিঅ’ মেছেজৰ জৰিয়তে ভাষণ প্ৰদান কৰিব । ইয়াৰ পূৰ্বে বৈদেশিক মন্ত্ৰী এছ জয়শংকৰে বাণিজ্য সুবিধা কেন্দ্ৰত উপস্থিত হৈ সাংস্কৃতিক কাৰ্যসূচী আৰম্ভ কৰে ।
উল্লেখ্য যে, ১১ জুনৰ পৰা বাৰাণসীত জি-২০ সন্মিলন আৰম্ভ হৈছে । এই সন্মিলন ১৩ জুনলৈকে চলিব । দেওবাৰে জি-২০ অনুষ্ঠানত অংশ লোৱা অতিথিসকলেও বাৰাণসীত উপস্থিত হৈছে । দেওবাৰে কাশীত উপস্থিত হৈছিল বৈদেশিক মন্ত্ৰী এছ জয়শংকৰ । সোমবাৰে মন্ত্ৰীগৰাকীয়ে দলিত শ্ৰমিকৰ ঘৰত গ্ৰহণ কৰে পুৱাৰ জলপান । তাৰ পাচতে জি-২০ উন্নয়ন মন্ত্ৰী সভাৰ প্ৰতিনিধিসকলক আদৰণি জনায় বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে ।
তথ্য অনুসৰি, মুঠ ২০০ জন প্ৰতিনিধিয়ে জি-২০ ৰ অনুষ্ঠানৰ বৈঠকত অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে । এই বৈঠকত বিশ্ব অৰ্থনীতিৰ মন্থৰতা, ঋণৰ দুৰ্দশা, জলবায়ু পৰিৱৰ্তন, প্ৰদূষণ আৰু জৈৱ বৈচিত্ৰৰ ক্ষতি, বৃদ্ধি পোৱা দৰিদ্ৰতা আৰু বৈষম্যৰ প্ৰভাৱ আৰু অধিক ভয়াৱহ কৰি তোলা উন্নয়নমূলক প্ৰত্যাহ্বান সন্দৰ্ভত আলোচনা কৰা হ’ব ৷