নেশ্যনেল ডেস্ক,২৪ ফেব্ৰুৱাৰী :উত্তৰ প্ৰদেশৰ বাৰাণসী চহৰৰ চিকিৎসকৰ এটা দলৰ বৃহৎ সফলতা । অসম্ভৱ যেন লগা এটা অস্ত্ৰোপচাৰ সফলভাৱে কৰি দেখুৱালে চিকিৎসকৰ দলটোৱে । আপুনি শুনি আচৰিত হ'ব যে চিকিৎসকসকলে এগৰাকী ৰোগীৰ পাকস্থলীৰ পৰা সফলতাৰে ৩০ কিলোগ্ৰামৰ টিউমাৰ উলিয়াইছে (Doctor Remove 30 kg Tumor)। অস্ত্ৰোপচৰা কৰা ৰোগীগৰাকী কৰ্কট ৰোগত আক্ৰান্ত ।
ইফালে এগৰাকী কৰ্কট ৰোগীৰ ক্ষেত্ৰত এই অস্ত্ৰোপচাৰ দেশৰ ভিতৰতে আটাইতকৈ ডাঙৰ অস্ত্ৰোপচাৰ বুলি চিকিৎসকসকলে দাবী কৰিছে । বাৰাণসীৰ মহামনা পণ্ডিত মদন মোহন মালব্য কৰ্কট কেন্দ্ৰৰ অস্ত্ৰোপচাৰ বিভাগৰ চিকিৎসকসকলে এই অস্ত্ৰোপচাৰটো কৰিছে (Varanasi Doctors success operation)।
অস্ত্ৰোপচাৰ বিভাগৰ সহযোগী অধ্যাপক ডাঃ মায়াংক ত্ৰিপাঠীয়ে এই সন্দৰ্ভত কয় যে, ৫৫ বছৰীয়া কৰ্কট ৰোগীজনৰ পেটৰ আকাৰ যথেষ্ট বাঢ়ি আহিছিল আৰু প্ৰচণ্ড বিষ অনুভৱ কৰা বুলি কৈছিল । যেতিয়া ৰোগীজনক পৰীক্ষা কৰা হৈছিল তেতিয়া দেখা গৈছিল যে, তেওঁৰ পেটত এটা বৃহৎ আকাৰৰ টিউমাৰ আছে । ইয়াৰ পাচত তিনিজনীয়া চিকিৎসকৰ এটা দলে সফলতাৰে ৰোগীজনৰ অস্ত্ৰোপচাৰ কৰে আৰু ৰোগীজনৰ পেটৰ পৰা ৩০ কিলোগ্ৰাম ওজনৰ টিউমাৰটো উলিয়াবলৈ সক্ষম হয় ।