অসম

assam

ETV Bharat / bharat

জয় শ্ৰী ৰাম ধ্বনিৰে অযোধ্যাৰ পৰা প্ৰথমটো যাত্ৰা বন্দে ভাৰত এক্সপ্ৰেছৰ - Vande Bharat Express

Ayodhya Delhi Vande Bharat Express: অযোধ্যাৰ পৰা প্ৰথমটো যাত্ৰা আৰম্ভ কৰিলে বন্দে ভাৰত এক্সপ্ৰেছে ৷ বৃহস্পতিবাৰে অযোধ্যা ধাম ষ্টেশ্যনৰ পৰা যাত্ৰী লৈ আনন্দ বিহাৰ টাৰ্মিনেললৈ যাত্ৰা কৰে বন্দে ভাৰত এক্সপ্ৰেছে ৷ জয় শ্ৰী ৰাম ধ্বনিৰে শ্লোগান দি যাত্ৰীসকলে উৎসাহেৰে যাত্ৰা আৰম্ভ কৰে ৷

Etv BharatAyodhya Delhi Vande Bharat
জয় শ্ৰী ৰাম ধ্বনিৰে অযোধ্যাৰ পৰা প্ৰথমটো যাত্ৰা বন্দে ভাৰত এক্সপ্ৰেছৰ

By ETV Bharat Assamese Team

Published : Jan 5, 2024, 10:05 AM IST

জয় শ্ৰী ৰাম ধ্বনিৰে অযোধ্যাৰ পৰা প্ৰথমটো যাত্ৰা বন্দে ভাৰত এক্সপ্ৰেছৰ

নেশ্যনেল ডেস্ক, 5 জানুৱাৰী :বিগত বৰ্ষৰ 30 ডিচেম্বৰত দেশৰ প্ৰধানমন্ত্ৰী মোদীয়ে ৰামনগৰীৰ অযোধ্যা ধাম ষ্টেশ্যনৰ পৰা বন্দে ভাৰত এক্সপ্ৰেছৰ শুভাৰম্ভ কৰে ৷ ইয়াৰ পিচতে যোৱা 4 জানুৱাৰী, বৃহস্পতিবাৰে বিয়লি প্ৰায় 3.45 বজাত বন্দে ভাৰত এক্সপ্ৰেছে যাত্ৰী লৈ দিল্লীৰ আনন্দ বিহাৰ টাৰ্মিনেললৈ ৰাওনা হয় । বন্দে ভাৰতৰ প্ৰথমটো যাত্ৰা কৰি যাত্ৰীসকল যথেষ্ট উৎসাহিত হৈ পৰে ৷

এক্সপ্ৰেছখনৰ উদ্বোধনৰ পিচতে, বন্দে ভাৰতৰ প্ৰথম যাত্ৰা নিৰ্ধাৰিত সময় অনুসৰি আৰম্ভ হয়। এই ৰে’লখন অযোধ্যা কেণ্টৰ পৰা আনন্দ বিহাৰলৈ ৰাওনা হয় । যাত্ৰাৰ পূৰ্বে যাত্ৰীসকলে জয় শ্ৰী ৰাম ধ্বনিৰে শ্লোগান দি যাত্ৰা আৰম্ভ কৰিছিল ৷ যাত্ৰীসকলৰ মুখত সুখৰ ভাৱ পৰিস্ফুট হৈছিল ৷ যাত্ৰীসকলে এই উপহাৰৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ মোদীক ধন্যবাদ জ্ঞাপন কৰে ৷

বন্দে ভাৰত প্ৰথম দিনা দিল্লীৰ পৰা 20 মিনিট পলমকৈ আহিছিল:

জয় শ্ৰী ৰামৰ শ্লোগানেৰে বন্দে ভাৰত ৰে'লখনে অযোধ্যা কেণ্ট ৰে’ল ষ্টেচনৰ পৰা দিল্লীলৈ ৰাওনা হয় । অৱশ্যে বৃহস্পতিবাৰে, ৰে’লখন দিল্লীৰ পৰা নিৰ্ধাৰিত সময়তকৈ প্ৰায় 20 মিনিট পলমকৈ অযোধ্যাত উপস্থিত হৈছিল । ৰে’লখনে বিয়লি প্ৰায় ৩.45 বজাত অযোধ্যা কেণ্ট ৰে’ল ষ্টেচনৰ পৰা দিল্লীলৈ ৰাওনা হয় ৷

চুলতানপুৰৰ হৈ আনন্দ বিহাৰ টাৰ্মিনেল দিল্লীলৈ ৰাওনা হ'ব বন্দে ভাৰত ৰে’লখন :

জানিব পৰামতে, এই ৰে’লখন অযোধ্যা কেণ্টৰ পৰা লক্ষ্ণৌ হৈ চুলতানপুৰ হৈ আনন্দ বিহাৰ টাৰ্মিনেল দিল্লীলৈ যাব । বাৰাবাঁকীত ৰে’লপথৰ পৰিসৰ বৃদ্ধি কৰাৰ বাবে, এই ৰে'লখন 4 জানুৱাৰীৰ পৰা 6 জানুৱাৰীলৈ চুলতানপুৰ হৈ চলিব । এই ৰে’লখন 7 জানুৱাৰীৰ পৰা 15 জানুৱাৰীলৈ বাতিল হৈ থাকিব । 16 জানুৱাৰীৰ পৰা, এই ৰে'লখন পুনৰ অযোধ্যা কেণ্টৰ পৰা লক্ষ্ণৌ দিল্লী আনন্দ বিহাৰ টাৰ্মিনেলৈ আবেলি 3.30 বজাত ৰাওনা হ'ব ।

লগতে পঢ়ক:ৰাম মন্দিৰৰ মূল দ্বাৰত স্থাপন কৰা হনুমান আৰু গৰুড়ৰ প্ৰতিমূৰ্তি

ABOUT THE AUTHOR

...view details