নিউজ ডেস্ক, ৪ ছেপ্টেম্বৰ :শ্ৰীহৰিকোটাত ৰকেট উৎক্ষেপণৰ বাবে কাউণ্টডাউনত কণ্ঠ দিয়া ইছৰোৰ বিজ্ঞানী ভালাৰমতীৰ আকস্মিক মৃত্যুৱে সকলোকে মৰ্মাহত কৰিছে । দেওবাৰে চেন্নাইৰ এখন চিকিৎসালয়ত হৃদৰোগত আক্ৰান্ত হৈ তেওঁৰ মৃত্যু হয় । দেশৰ তৃতীয় চন্দ্ৰ অভিযান চন্দ্ৰযান-৩ৰ উৎক্ষেপণৰ সময়ত অন্তিম সময় গণনাত তেওঁৰ কণ্ঠস্বৰ আছিল ।
ভালাৰমতী সতীশ ধৱন মহাকাশ কেন্দ্ৰৰ ৰেঞ্জ অপাৰেচন প্ৰ'গ্ৰাম অফিচৰ এক অংশ আছিল । তাত তেওঁ সকলো উৎক্ষেপণৰ কাউণ্টডাউন ঘোষণা কৰিছিল । উল্লেখ্য যে ১৪ জুলাইত চন্দ্ৰযান-৩ শ্ৰীহৰিকোটাৰ সতীশ ধৱন মহাকাশ কেন্দ্ৰৰ পৰা উৎক্ষেপণ কৰা হৈছিল । ২৩ আগষ্টত লেণ্ডাৰ মডিউল (এলএম) বিক্ৰম লেণ্ডাৰ আৰু প্ৰজ্ঞান ৰ'ভাৰক লৈ চন্দ্ৰযান-৩ চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰে । লগে লগে এই কৃতিত্ব অৰ্জন কৰা ভাৰত চতুৰ্থখন দেশ হৈ পৰে । আনহাতে, এই অৱতৰণে দেশক পৃথিৱীৰ একমাত্ৰ প্ৰাকৃতিক উপগ্ৰহৰ অজ্ঞাত দক্ষিণ মেৰুত উপনীত হোৱা প্ৰথমখন দেশ হিচাপেও পৰিগণিত কৰায় । ইফালে ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই শনিবাৰে জনোৱা মতে, চন্দ্ৰত থকা প্ৰজ্ঞান ৰ'ভাৰক শ্লিপিং মোডলৈ নিয়া হৈছে । মহাকাশ সংস্থাটোৱে ১৪ দিন পিছত ই পুনৰ জাগ্ৰত হ'ব বুলি আশা কৰিছে ।