নেশ্যনেল ডেস্ক, ১ জানুৱাৰী: নতুন বছৰৰ প্ৰথম দিনটোতে সংঘটিত এক শোকাৱহ ঘটনাই মৰ্মাহত কৰিছে সমগ্ৰ দেশবাসীক । নৱবৰ্ষৰ প্ৰথম পুৱা বৈষ্ণো দেৱীৰ আশীষ ল'বলৈ গৈ ভয়ংকৰ বিপদৰ সন্মুখীন হ'বলগীয়া হ'ল বহু ভক্তই । অত্যাধিক ভিৰৰ বাবে শনিবাৰে পুৱতি নিশা কাটাৰৰ বৈষ্ণো দেৱী মন্দিৰ চৌহদতে পদপিষ্ট (Vaishno Devi stampede) হৈ প্ৰাণ হেৰুৱালে ১২ জন লোকে । এই মৰ্মান্তিক ঘটনাক লৈ শোকপ্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ।
তেওঁ প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় সাহায্য পুঁজিৰ পৰা মৃতকৰ পৰিয়াললৈ ২ লাখ টকাৰ আৰ্থিক সাহায্য ঘোষণা কৰিছে (Ex gratia of Rs 2 lakh to Vaishno Devi stampede victim) । আনহাতে, আহতসকললৈ ৫০ হাজাৰ টকাৰ আৰ্থিক অনুদান আগবঢ়োৱা হ'ব বুলি তেওঁ ঘোষণা কৰিছে (Modi announced relief to Vaishno Devi stampede victim) ।
উল্লেখ্য যে, বৈষ্ণো দেৱীৰ মন্দিৰত সংঘটিত হোৱা ঘটনাত কমেও ১২ জনৰ মৃত্যু হোৱাৰ লগতে ১৩ জন লোক আহত হয় । জম্মু-কাশ্মীৰৰ আৰক্ষী সঞ্চালক প্ৰধান দিলবাগ সিঙে প্ৰকাশ কৰা মতে, শনিবাৰে প্ৰায় ২.৪৫ বজাত কেইগৰাকীমান ভক্তৰ মাজত সামান্য তৰ্কাতৰ্কি হয় । ইয়াৰ পাচতে এজনে আনজনক ঠেলি দিয়াত এই শোকাৱহ ঘটনাটো সংঘটিত হয় ।
ৰিয়াচীৰ সামূহিক স্বাস্থ্যকেন্দ্ৰৰ চিকিৎসা বিষয়া ডাঃ গোপাল দত্তই জনোৱা মতে, দিল্লী, হাৰিয়ানা, পঞ্জাৱৰ লগতে জম্মু-কাশ্মীৰৰ এজন লোক এই ঘটনাত আহত হৈছে । আহতসকলক নাৰায়ণ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এই শোকাৱহ ঘটনা সন্দৰ্ভত জম্মু-কাশ্মীৰৰ ৰাজ্যপাল মনোজ সিনহাৰ সৈতে আলোচনা কৰিছে (Modi spoken to J&K governor over Katra stampede) ।
লগতে পঢ়ক: 12 dead at Mata Vaishno Devi Temple : কাটৰাত বৈষ্ণো দেৱী মন্দিৰত পদপিষ্ট হৈ মৃত্যু 12 জনৰ