অসম

assam

By

Published : Apr 20, 2021, 1:55 PM IST

ETV Bharat / bharat

ক'ভিড কেয়াৰ চেণ্টাৰত পৰিণত বডোডৰাৰ এটা মছজিদ

ক'ভিড ৰোগীৰ বাবে ঠাইৰ অভাৱ হৈছে গুজৰাটৰ বডোডৰাৰ চিকিৎসালয়ত । উপাসনা থলীত চলিছে ক'ভিড ৰোগীৰ চিকিৎসা । কৰ'ণা আক্ৰান্তৰ বাবে ৫০ খন বিচনাযুক্ত ক'ভিড কেয়াৰ চেণ্টাৰত পৰিণত কৰা হৈছে গুজৰাটৰ বডোডৰাৰ এটা মছজিদ ।

উপাসনা থলীত চলিছে ক'ভিড ৰোগীৰ চিকিৎসা
উপাসনা থলীত চলিছে ক'ভিড ৰোগীৰ চিকিৎসা

নেশ্যনেল ডেস্ক, ২০ এপ্ৰিল: গুজৰাটৰ বডোডৰাকে ধৰি সমগ্ৰ দেশতে পুনৰ কালৰূপ ধাৰণ কৰিছে কৰ'ণা মহামাৰীয়ে । বডোডৰাত প্ৰতি দিনে বৃদ্ধি পাইছে আক্ৰান্তৰ সংখ্যা । চহৰখনৰ প্ৰায়বোৰ চিকিৎসালয় ৰোগীৰে ভৰি পৰিছে । ইয়াৰ পৰিপ্ৰেক্ষিতত প্ৰশাসনে বিভিন্ন ৰাজহুৱা ভৱনত ক'ভিড কেয়াৰ চেণ্টাৰ স্থাপন কৰিবলগীয়া হৈছে । প্ৰশাসনৰ প্ৰতি সহযোগিতা আগবঢ়াই সামাজিক আৰু ধৰ্মীয় অনুষ্ঠানবোৰৰ দায়িত্বত থকা সমিতিসমূহে ।

চহৰখনৰ ৱাদি জাহাংগীৰপুৰা মছজিদতো মানৱ কল্যাণ ফাউণ্ডেছনৰ উদ্যোগত ক'ভিড কেয়াৰ চেণ্টাৰ স্থাপন কৰা হৈছে । কেন্দ্ৰটোত ৫০ খন বিচনা আছে আৰু ইয়াৰ ভিতৰত ২০ খন বিচনাত সংকটজনক অৱস্থাত থকা ৰোগীসকলক অক্সিজেন দি চিকিৎসা প্ৰদানৰ সুবিধা উপলব্ধ কৰা হৈছে । বৰ্তমান, মছজিদটোত ২৭ জন কৰ'ণা আক্ৰান্তৰ চিকিৎসা কৰি থকা হৈছে ।

জাহাংগীৰপুৰা মছজিদৰ ট্ৰাষ্টী ইৰফান শ্বেখে প্ৰকাশ কৰিছে যে, যোৱা কেইদিনমানৰ পৰা কৰ'ণা সংক্ৰমণৰ ঘটনা বৃদ্ধি পাই আহিছে আৰু সেয়ে, অক্সিজেন আৰু বিচনাৰ অভাৱ হৈছে । এই অভাৱ কিছু পৰিমাণে পূৰণ কৰাৰ বাবে তেওঁলোকে মছজিদত ক'ভিড কেয়াৰ চেণ্টাৰ স্থাপন কৰাৰ সিদ্ধান্ত লৈছে বুলি জানিবলৈ দিয়ে । যোৱা তিনি দিনত ২৭ জন ক'ভিড আক্ৰান্তক কেন্দ্ৰটোত ভৰ্তি কৰোৱা হয় ।

বিশেষজ্ঞ চিকিৎসকসকলে ৰোগীসকলক দিন-নিশাই সেৱা আগবঢ়াই আহিছে । ৮ জন চিকিৎসক আৰু ২৭ জন পেৰা মেডিকেল স্বাস্থ্য কৰ্মীক ইয়াত নিয়োজিত কৰা হৈছে । অক্সিজেন পৰ্যাপ্ত পৰিমাণে আগবঢ়োৱাৰ ব্যৱস্থা কৰা হৈছে যদিও কেন্দ্ৰটোত বায়' পেক মেচিনো উপলব্ধ । ইফালে, বডোডৰাত আক্ৰান্তৰ সংখ্যা ৪৫০ জনলৈ বৃদ্ধি পাইছে আৰু সমান্তৰালভাৱে মৃত্যুৰ সংখ্যাও উদ্বেগজনকভাৱে বৃদ্ধি পাইছে ।

লগতে পঢ়ক:ৰে'লৰ সন্মুখত জাপ দি শিশুৰ প্ৰাণ ৰক্ষা ৰে'লৱে কৰ্মীৰ

ABOUT THE AUTHOR

...view details