নেশ্যনেল ডেস্ক, ৯ এপ্ৰিল: ফেচবুকৰ মালিকানাধীন হোৱাটছএপে মুকলি কৰিলে 'ভেকচিন ফৰ অল' শীৰ্ষক ষ্টিকাৰ পেক । বুধবাৰে বিশ্ব স্বাস্থ্য সংস্থাৰ সহযোগত হোৱাটছএপে এই নতুন ষ্টিকাৰ পেক উন্মোচন কৰে । হোৱাটছএপ কৰ্তৃপক্ষৰ মতে, COVID-১৯ প্ৰতিষেধক বিষয়ক তথ্যৰ বাবে চৰকাৰ, আন্তঃৰাষ্ট্ৰীয় সংগঠনৰ সৈতে জনসাধাৰণক সংযোগ কৰাত সহায় আগবঢ়োৱাৰ বাবে নতুন ষ্টিকাৰ মুকলি কৰা হৈছে ।
COVID-১৯ প্ৰতিষেধকৰ সম্ভাৱনীয়তাক লৈ ব্যৱহাৰকাৰীয়ে মনৰ ভাৱ ব্যক্তিগতভাৱে প্ৰকাশ কৰি আনন্দ লাভ কৰাৰ লগতে স্বাস্থ্য কৰ্মীসকলক প্ৰশংসা কৰিবলৈ ই এক আমোদজনক আৰু সৃষ্টিশীল উপায় বুলি অভিহিত কৰিছে হোৱাটছএপে ।
কোম্পানীটোৱে এক বিবৃতিৰ জৰিয়তে প্ৰকাশ কৰে যে, মহামাৰীৰ সংক্ৰমণ আৰম্ভ হোৱাৰে পৰা চৰকাৰে লোৱা পদক্ষেপত সহায় আগবঢ়োৱাৰ বাবে ২ বিলিয়নতকৈও অধিক ব্যৱহাৰকাৰীক সঠিক তথ্যৰ সৈতে সংযোগ কৰিবলৈ বিশ্ব স্বাস্থ্য সংস্থা আৰু UNICEFৰ দৰে সংগঠনৰ লগতে ১৫০ খনৰো অধিক ৰাষ্ট্ৰীয়, ৰাজ্যিক আৰু স্থানীয় চৰকাৰৰ সৈতে কোম্পানীটোৱে সহযোগিতা আগবঢ়াইছে তথা তেওঁলোকৰ কামৰ অংশীদাৰ হৈছে ।