নিউজ ডেস্ক,17 ফেব্ৰুৱাৰী:যোৱা এটা বছৰে ক’ভিড-১৯ মহামাৰীয়ে বিশ্ববাসীৰ মাজত ত্ৰাসৰ সৃষ্টি কৰি কাবু কৰি ৰাখিছে ৷ লগতে ঢৌৰ দৰে অহা পেটাৰ্ণবোৰে বিভিন্ন দেশত বাৰম্বাৰ আক্ৰমণ কৰি কোঙা কৰি পেলাইছে ৷ ইতিমধ্যে যোৱা তিনিটা শতিকাৰ ভিতৰত আটাইতকৈ শোচনীয় বিত্তীয় মন্দাৱস্থাৰ কবলত ককবকাই থকা দেশ গ্ৰেট বৃটেইনে ইতিমধ্যে ১.৫ কোটি নাগৰিকৰ টীকাকৰণ সম্পন্ন কৰিছে ৷ তথাপি দেশখনে লক ডাউনৰ শিথিলতা প্ৰদান কৰিবলৈ সাহস কৰা নাই ৷ ইজৰাইল, নেডাৰলেণ্ড, পৰ্তুগাল আৰু ভিয়েটনামৰ সৈতে জাৰ্মানী আৰু ফ্ৰান্সে বিশ্বাস কৰে যে ভাইৰাছবিধেৰে যুঁজিবলৈ তেওঁলোকৰ হাতত লক ডাউনৰ বাহিৰে আন কোনো গত্যন্তৰ নাই ৷ এইখিনিতে যোগ দিব পাৰি যে, ইউনাইটেড কিংডমৰ কেণ্ট ক’ভিড ভাইৰাছবিধ ৭০ শতাংশ বেছি বিপদজনক ৷ ইতিমধ্যে ভাৰতত ৮০ লক্ষাধিক লোকক টীকাকৰণ কৰা হৈ গৈছে আৰু যোৱা সপ্তাহৰ পৰা দেশৰ ১৮৫ খন জিলাত কোনো ধৰণৰ নতুন ক’ভিড-১৯ পজিটিভৰ ঘটনা পোহৰলৈ অহা নাই ৷ মহামাৰীবিধ কেৰালা আৰু মহাৰাষ্ট্ৰৰ দৰে ৰাজ্যতে সীমাৱদ্ধ হৈ আছে ৷
কেন্দ্ৰীয় চৰকাৰে কৈছে যে, অনাগত দুই বা তিনি সপ্তাহৰ ভিতৰত চৰকাৰে ৫০ উৰ্দ্ধৰ নাগৰিকসকলক টীকাকৰণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব ৷ পুনৰ নিশ্চিতি প্ৰদান কৰি চৰকাৰে কয় যে, দেশত অতি সোনকালে আন ১৮ বিধ প্ৰতিষেধক উপলব্ধ কৰোৱা হ’ব ৷ প্ৰথম স্তৰত ৩ কোটি অগ্ৰণী ক’ভিড ১৯ যোদ্ধাক টীকাকৰণ কৰাৰ বাবে পৰিকল্পনা কৰা হৈছে ৷ কিন্তু প্ৰতিষেধকৰ প্ৰতি থকা দ্বিধাবোধৰ বাবে কোটি কোটি লোকে টীকাগ্ৰহণ কৰি নিজকে ‘ইমিউনাইজড’ কৰিবলৈ আগুৱাই অহা নাছিল ৷ অধ্যয়নত প্ৰকাশ পোৱা হতবাক হ’বলগীয়া বাস্তৱ চিত্ৰ এখনত এই তথ্য পোহৰলৈ আহিছে যে, যদি এই গতিৰেই টীকাকৰণ চলি থাকে তেনেহ’লে প্ৰতিষেধক গৈ দেশৰ গাঁৱসমূহৰ জনতাৰ কাষ পাবলৈ আৰু পাঁচটা বছৰ লাগিব ৷ ভাইৰাছবিধ মিউটেশ্বন হোৱাৰ কথা বাদ দি এফালে প্ৰতিষেধক ল’বলৈ কৰা দ্বিধাবোধ আছেই আৰু আনফালে জীৱন ৰক্ষক প্ৰতিষেধকবিধ ল'বৰ বাবে আন দেশৰ কোটি কোটি লোক অপেক্ষাত আছে ৷ কেন্দ্রই এই অচলাৱস্থাবোৰ দূৰ কৰিবলৈ পদক্ষেপ গ্ৰহণ কৰা উচিত ৷
উল্লেখ্য যে, জীৱনদায়িনী এই প্ৰতিষেধক প্ৰস্তুত কৰাত ভাৰতবৰ্ষ হৈছে বিশ্বৰ ৰাজধানী ৷ ভৌগোলিক বাধাবোৰক নেওচি অতি কম সময়ৰ ভিতৰত দেশৰ চুকে-কোণে প্ৰতিষেধক বিলোৱাৰ ক্ষেত্ৰতো ভাৰতবৰ্ষৰ সুনাম আছে ৷ আনহাতে কোৱা হয় যে প্ৰথমটো টীকা লোৱা ব্যক্তিসকলৰ মাত্ৰ ১০ শতাংশইহে তেওঁলোকক দ্বিতীয়টো টীকাৰ ড’জ লোৱাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিছে ৷ তাকো দ্বিতীয়টো ড’জ লোৱাটো কিমান জৰুৰী তাক বাৰম্বাৰ সোঁৱৰাই দিয়াৰ পাচতহে লয় ৷ কিয়নো প্ৰথমটো ড’জ লোৱাৰ ২৮ দিনৰ পাচত কোনো ধৰণৰ ভুল নোহোৱাকৈ দ্বিতীয়টো ড’জ ল’ব লাগে ৷ আজিলৈকে দেশৰ মাত্ৰ ০.৬ শতাংশ নাগৰিককহে টীকাকৰণ কৰা হৈছে ৷ এই ঘটনাই এটা কথা স্পষ্ট কৰে যে সন্মুখত কিমান বৃহৎ পৰ্বতসম দায়িত্ব পৰি আছে ৷