নিউজ ডেস্ক, ২৩ নৱেম্বৰ : উত্তৰকাশী সুৰংগ দুৰ্ঘটনাই বৃহস্পতিবাৰে দ্বাদশ দিনত ভৰি দিলে । আশা কৰা হৈছে যে আজিৰ দিনটোত সুৰংগত আবদ্ধ ৪১ জন শ্ৰমিকক সফলতাৰে উদ্ধাৰ কৰিব পৰা যাব । ইয়াৰ বাবে ঘটনাস্থলীত সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰা হৈছে । উত্তৰকাশী সুৰংগৰ বাহিৰত ৪১ খন এম্বুলেন্স ৰখাই থোৱা হৈছে । জানিব পৰা মতে, শ্ৰমিকসকলক উদ্ধাৰ কৰিবলৈ পাঁচৰ পৰা ছয় ঘণ্টা সময় লাগিব পাৰে । আনহাতে, উদ্ধাৰকাৰী দলটো শ্ৰমিকসকলৰ পৰা মাত্ৰ কেইমিটাৰমান দূৰৈত আছে । বৰ্তমান সুৰংগটোত ড্ৰিলিঙৰ কাম পুনৰ দ্ৰুতগতিত আৰম্ভ কৰা হৈছে ।
ইয়াৰ উপৰি উত্তৰকাশী চিল্কিয়াৰাত শ্ৰমিকসকলৰ জৰুৰীকালীন বিমানসেৱাৰ বাবে চিনুকো নিয়োজিত কৰা হৈছে । ইফালে মুখ্যমন্ত্ৰী ধামীয়েও বুধবাৰৰ পৰাই উত্তৰকাশী চিল্কিয়াৰাত বাহৰ পাতি আছে । আনহাতে, কেন্দ্ৰৰ এটা সাতজনীয়া বিশেষজ্ঞৰ দলো চিল্কিয়াৰাত উপস্থিত হৈছে । বহু কাৰিকৰী বিশেষজ্ঞও ইয়াত জড়িত হৈ আছে । কেন্দ্ৰীয় মন্ত্ৰী ভি কে সিঙো দলটোৰ সৈতে উত্তৰকাশীত উপস্থিত হৈছে । উদ্ধাৰ অভিযান আৰম্ভ কৰিবলৈ যুদ্ধগতিত কাম কৰি থকা হৈছে ।
ইয়াৰ মাজতে উত্তৰকাশী চিল্কিয়াৰা সুৰংগত আবদ্ধ শ্ৰমিকসকল সুৰক্ষিতভাৱে উদ্ধাৰৰ বাবে সমগ্ৰ দেশতে প্ৰাৰ্থনা চলি আছে । উদ্ধাৰকাৰী দলবোৰো তেওঁলোকৰ কামত দিনে-নিশাই ব্যস্ত হৈ আছে । যাৰ ফলত দুৰ্ঘটনাৰ দ্বাদশ দিনটোত উত্তৰকাশীৰ পৰা ভাল খবৰ আহিব বুলি আশা কৰা হৈছে । অনুমান কৰা হৈছে যে সুৰংগটোত আবদ্ধ শ্ৰমিকসকলক বৃহস্পতিবাৰেই সুৰক্ষিতভাৱে উদ্ধাৰ কৰি উলিয়াই আনিব পৰা যাব । যাৰ বাবে মুখ্যমন্ত্ৰী ধামীয়েও বুধবাৰৰ পৰা মাতলীত বাহৰ পাতি আছে । মুখ্যমন্ত্ৰী ধামীয়ে উদ্ধাৰকাৰ্যৰ বিষয়ে প্ৰতি মুহূৰ্তত খবৰ লৈ আছে । ঘটনাস্থলীত এনডিআৰএফ, চিকিৎসা কৰ্মীৰ লগতে জিলা প্ৰশাসনৰ দলো উপস্থিত আছে ।