নেশ্যেনেল ডেস্ক, ২৬ নৱেম্বৰ :উত্তৰকাশী ছিল্কয়াৰ সুৰংগত শ্ৰমিক আৱদ্ধ হৈ পৰাৰ ডেৰ মাহ হ’ল । কিন্তু শ্ৰমিকক উদ্ধাৰৰ ক্ষেত্ৰত প্ৰতিমুহূৰ্ততে বাধাৰ সন্মুখিন হৈ আহিছে । ছিল্কয়াৰ সুৰংগত খনন কৰি থাকোতেই ভাঙি গৈছিল ড্ৰিলিং মেচিনৰ ব্লেড ৷ তাৰ পাচৰ পৰাই স্তব্ধ হৈ আছে খনন কাৰ্য ৷ এতিয়া দ্বিতীয় বিকল্প খননৰো চিন্তা চৰ্চা কৰি আছে উদ্ধাৰকাৰী দলে ৷
উত্তৰকাশী ছিল্কয়াৰ সুৰংগ দুৰ্ঘটনাৰ উদ্ধাৰ অভিযানৰ আজি ১৫ দিন । সুৰংগটোত আবদ্ধ হৈ থকা ৪১ জন শ্ৰমিকে যোৱা ডেৰমাহ ধৰি মুকলি বতাহত উশাহ লোৱাৰ আশাত বন্দী । উদ্ধাৰ কামত বাৰে বাৰে বাধাৰ সৃষ্টি হৈছে ৷ আমেৰিকাৰ হেভি ড্ৰিলিং মেচিনটো পুনৰ বিজুতি ঘটিছে ।
শেহতীয়া পৰিস্থিতিৰ কথা ক’বলৈ গ’লে উদ্ধাৰ কামৰ সময়ত আমেৰিকান ড্ৰিলিং মেচিনতো বিসংগতি দেখা দেখিছিল ৷ সেয়া শীঘ্ৰে মেৰামতিৰ কাম কৰা হ’ব । ইয়াৰ উপৰিও সুৰংগটোত হাতৰ খননৰ কামো কৰা হ’ব । উলম্ব ড্ৰিলিঙৰ বাবেও প্ৰস্তুতি চলোৱা হৈছে । যাৰ বাবে স্থান ইতিমধ্যে নিৰ্ধাৰণ কৰা হৈছে ৷ লগতে মেচিনো সাজু কৰি ৰখা হৈছে ।
পুনৰ সুৰংগত ড্ৰিলিং কৰা হ’ব :