নেশ্যনেল ডেস্ক, 12 আগষ্ট : শেহতীয়াকৈ গৌৰীকুণ্ড ডটপুলিয়াৰ সমীপত হোৱা প্ৰচণ্ড ভূমিস্খলনৰ ফলত নিৰুদ্দেশ হোৱা ১৮ জন লোকৰ অনুসন্ধান আৰু উদ্ধাৰ অভিযানৰ আজি নৱম দিন ৷ বৰ্তমানেও ঘটনাস্থলীত অবিৰতভাৱে উদ্ধাৰ অভিযান অব্যাহত আছে । উদ্ধাৰকাৰী দলটোৱে আজি পুৱা আৰু দুজন লোকৰ মৃতদেহ উদ্ধাৰ কৰিছে । এগৰাকী ছোৱালী আৰু এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ হৈছে । বৰ্তমানে তেওঁলোকৰ চিনাক্তকৰণ কৰি থকা হৈছে । সমান্তৰালকৈ বাকী থকা ১৬ জন নিৰুদ্দেশ হোৱা লোকৰ উদ্ধাৰ আৰু অনুসন্ধানৰ কাম চলি আছে ।
শেহতীয়াকৈ, ধাৰাসাৰ বৰষুণৰ ফলত হোৱা ভূমিস্খলনৰ ফলত গৌৰীকুণ্ড বজাৰৰ পৰা কিছু দূৰত থকা ডটপুলিয়াৰ ওচৰৰ তিনিখন দোকান মন্দাকিনী নদীত ডুব গৈছিল, য’ত ২৩ জন লোক সন্ধানহীন হৈছিল, যাৰ ভিতৰত এতিয়ালৈকে মাত্ৰ ৭ জন লোককহে বিচাৰি পোৱা গৈছে আৰু বাকী ১৬ জন লোক এতিয়াও সন্ধানহীন হৈ আছে । উদ্ধাৰকাৰী দলে আজি ৰাতিপুৱা আৰু দুজন লোকৰ মৃতদেহ উদ্ধাৰ কৰিছে । গৌৰীকুণ্ডৰ দুৰ্ঘটনাৰ পিচত ডিডিআৰএফ, এনডিআৰএফ, এছডিআৰএফ, ৱাইএমএফ, আৰক্ষী আৰু প্ৰশাসনৰ দলে সন্ধানহীন লোকৰ সন্ধানত নিৰন্তৰ উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে । দলটোৱে সন্ধানহীন লোকসকলক বিচাৰি নিতৌ মন্দাকিনী নদীত অভিযান চলাইছে ।