নেশ্যনেল ডেস্ক, ২১ ছেপ্টেম্বৰ :দেশত হস্তী মানুহৰ সংঘাত অব্যাহত আছে । ইয়াৰ মাজতে প্ৰতিবছৰে বিভিন্ন কাৰণত মৃত্যু হৈছে শ শ বন্যহস্তীৰ । যোৱা ১৪ বছৰত দেশৰ বিভিন্ন ৰাজ্যত প্ৰায় ১,৩৫৭ টা হাতীৰ মৃত্যু হৈছে । আৰটিআইৰ এক তথ্যত এই কথা পোহৰলৈ আহিছে । আচৰিত কথাটো হ'ল যে তাৰ ভিতৰত ৮৯৮ টা হাতী বিদ্যুৎস্পৃষ্ট হৈ মৃত্যুমুখত পৰিছে । ৰে'লৰ খুন্দাত মৃত্যু হৈছে ২২৮ টা হাতীৰ । আনহাতে ১৯১ টা হাতী চোৰাং চিকাৰীয়ে হত্যা কৰিছে । এই সময়ছোৱাত প্ৰায় ৪০ টা হাতীক বিষাক্ত দ্ৰব্য সেৱন কৰোৱাই হত্যা কৰা হৈছে ।
উত্তৰাখণ্ডৰ হালদৱানীৰ বাসিন্দা আৰটিআই কৰ্মী হেমন্ত গোনিয়াই কয় যে জুন মাহত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ কেন্দ্ৰীয় লোক তথ্য বিষয়াৰ পৰা কিছু তথ্য বিচাৰিছিল । তেওঁৰ প্ৰশ্নৰ উত্তৰটো প্ৰজেক্ট এলিফেণ্টৰ বিজ্ঞানী ড৹ মুথামিজ চেলভানে দিছে । তেওঁ কৰা প্ৰশ্নৰ উত্তৰত কোৱা হৈছে যে বিদ্যুৎস্পৃষ্ট হৈ দেশৰ সৰ্বাধিক সংখ্যক হাতীৰ মৃত্যু হৈছে ।
তেওঁ উল্লেখ কৰা মতে যোৱা ১৩ বছৰত বিদ্যুৎস্পৃষ্ট হৈ ৮৯৮ টা হাতীৰ মৃত্যু হৈছে । হাতীৰ মৃত্যুৰ দ্বিতীয়টো মুখ্য কাৰণ ৰে'ল । ৰে'লৰ খুন্দাত প্ৰায় ২২৮ টা হাতীৰ মৃত্যু হৈছে । ৰে'লৰ খুন্দাত উত্তৰাখণ্ডত ২৭ টা হাতীৰ মৃত্যু হৈছে । আৰটিআইৰ তথ্য অনুসৰি, অৰুণাচল, অসম, মেঘালয়, ত্ৰিপুৰা, নাগালেণ্ড, পশ্চিমবংগ, মণিপুৰ আৰু মিজোৰামকে ধৰি উত্তৰ-পূৰ্বাঞ্চলত আনুমানিক হাতীৰ সংখ্যা হৈছে প্ৰায় ১০,১৩৯ টা ।