অসম

assam

উত্তৰাখণ্ডৰ জলপ্ৰলয়: মৃতকৰ সংখ্যা 51 জনলৈ বৃদ্ধি

By

Published : Feb 15, 2021, 2:10 PM IST

উত্তৰাখণ্ডৰ জলপ্ৰলয়ত সন্ধানহীন লোকৰ ভিতৰত পুনৰ 13 গৰাকীৰ মৃতদেহ উদ্ধাৰ ৷ দেওবাৰে মৃতকৰ সংখ্যা 51 জনলৈ বৃদ্ধি ৷ তপোবন শক্তি প্ৰকল্পৰ সুৰংগৰ পৰা 6 জন, ৰাইনিৰ পৰা 6 জন আৰু ৰুদ্ৰপ্ৰয়াগ নদীৰ কাষৰ পৰা দেওবাৰে এজন লোকৰ মৃতদেহ উদ্ধাৰ হয় ৷

Uttarakhand rescue ops LIVE: Rescuers recover 13 bodies, death toll rises to 51
উত্তৰাখণ্ডৰ জলপ্ৰলয়

নেচনেল ডেস্ক, 15 ফেব্ৰুৱাৰী:উত্তৰাখণ্ডৰ হিমবাহ বিস্ফোৰণৰ ফলত সংঘটিত জল প্ৰলয়ত মৃতকৰ সংখ্যা 51 জনলৈ বৃদ্ধি হৈছে ৷ দেওবাৰে উদ্ধাৰকাৰী দলে পুনৰ 13 টা মৃতদেহ উদ্ধাৰ কৰে ৷ প্ৰাপ্ত তথ্য অনুসৰি তপোবন শক্তি প্ৰকল্পৰ সুৰংগৰ পৰা 6 জন, ৰাইনিৰ পৰা 6 জন আৰু ৰুদ্ৰপ্ৰয়াগ নদীৰ কাষৰ পৰা দেওবাৰে এজন লোকৰ মৃতদেহ উদ্ধাৰ কৰা হয় ৷

বিভাগীয় বিষয়াই জানিবলৈ দিয়া মতে 7 ফেব্ৰুৱাৰীৰ দিনটোত সংঘটিত এই প্ৰলয়ৰ পাছত এতিয়াও প্ৰায় 153 গৰাকী লোক সন্ধানহীন হৈ আছে ৷ জানিব পৰা মতে বিগত সপ্তাহটোত নদীৰ কাষৰ বিভিন্ন অঞ্চলত মৃতদেহ সমূহ উদ্ধাৰ কৰা হৈছে যদিও তপোবন-বিষ্ণুগড় প্ৰকল্পৰ সুৰংগৰ ভিতৰত এতিয়াও মৃত বা জীৱিত অৱস্থাত কাকো উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই ৷

দেওবাৰে পুৱাৰ ভাগত সুৰংগৰ পৰা প্ৰথম দুটা মৃতদেহ উদ্ধাৰ কৰি অনাৰ পাছতে চামোলিৰ জিলা ন্যায়াধীশ স্বাতী এছ ভদোৰিয়া আৰু আৰক্ষী বিষয়া যশৱন্ত সিং চৌহান ঘটনাস্থলীলৈ ৰাওনা হয় বুলি জানিব পৰা গৈছে ৷ পাছলৈ সুৰংগটোৰ পৰা বানে কঢ়িয়াই অনা জাবৰৰ মাজত আৰু চাৰিটা মৃতদেহ উদ্ধাৰ কৰা হয় ৷

দেওবাৰে পুনৰ 13 গৰাকী লোকৰ মৃতদেহ উদ্ধাৰ

বিভাগীয় বিষয়াৰ মতে, কোনো লোকক জীৱিত অৱস্থাত উদ্ধাৰ কৰিবলৈ সক্ষম হ'লে তেওঁলোকৰ বাবে যাতে ততালিকে চিকিৎসাৰ ব্যৱস্থা কৰিব পৰা যায়, সেই উদ্দেশ্যে তপোবনৰ উদ্ধাৰ অভিযানৰ বাবে এখন হেলিকপ্তাৰ ৰাখি থোৱা হৈছে ৷ উদ্ধাৰকাৰীসকলে এটা সুৰংগৰ সৈতে আন এটা সুৰংগৰ সংযোগ স্থাপন কৰাৰ বাবে ডাঙৰ বিন্ধা কৰি উদ্ধাৰৰ বাবে এক বিকল্প ব্যৱস্থা হাতত লৈছে ৷

দেওবাৰে উদ্ধাৰ হোৱা মৃতদেহকেইটা টেহৰিৰ আলম সিঙ, ডেৰাডুনৰ অনিল, জম্মুৰ জিতেন্দ্ৰ কুমাৰ, ফৰিদাবাদৰ শেষ নাথ, টেহৰিৰ জিতেন্দ্ৰ ধনাই, কুচিনগৰৰ সুৰজ ঠাকুৰ, পঞ্জাৱৰ জুগল কিশোৰ, হিমাচল প্ৰদেশৰ ৰাকেশ কাপুৰ, চামোলিৰ হৰপল সিঙ, গোৰখপুৰৰ বেদ প্ৰকাশ আৰু ধনুৰ্ধাৰি বুলি চিনাক্ত কৰা হৈছে ৷ বিভাগীয় বিষয়াই জনোৱা মতে তপোবনস্থিত এক অস্থায়ী শৱগৃহত বৰ্তমান মৃতদেহ সমূহ ৰাখি থোৱা হৈছে ৷

লগতে পঢ়ক:উত্তৰাখণ্ডৰ জলপ্ৰলয়:মানুহৰ হস্তক্ষেপ বৃদ্ধিয়ে বানপানীৰ সৃষ্টি কৰিছে

ABOUT THE AUTHOR

...view details