অসম

assam

ETV Bharat / bharat

দেৱভূমি উত্তৰাখণ্ডত অব্যাহত প্ৰকৃতিৰ তাণ্ডৱ : মৃতকৰ সংখ্যা ৭২ জনলৈ বৃদ্ধি - উদ্ধাৰ অভিযান

ধাৰাসাৰ বৃষ্টিপাতৰ ফলত উত্তৰাখণ্ডত সৃষ্টি হৈছে ভয়াৱহ পৰিস্থিতি । ওফন্দি উঠিছে নদীৰ জলপৃষ্ঠ । ঠায়ে ঠায়ে পথৰ ওপৰেৰে বাগৰিছে পানী । ভূমিস্খলনেও বিভিন্ন স্থানত সংকটৰ সৃষ্টি কৰিছে । চৰকাৰী তথ্য অনুসৰি, ভূমিস্খলন, বান, বাসগৃহ খহি পৰি এতিয়ালৈকে উত্তৰাখণ্ডত মৃত্যু হোৱা লোকৰ সংখ্যা ৭২ জনলৈ বৃদ্ধি পাইছে ।

Uttarakhand situation
উত্তৰাখণ্ডত মৃতকৰ সংখ্যা ৭২ জনলৈ বৃদ্ধি

By

Published : Oct 25, 2021, 10:24 AM IST

নেশ্যনেল ডেস্ক, ২৫ অক্টোবৰ: পাহাৰীয়া ৰাজ্য উত্তৰাখণ্ডত ৰুষ্ট হৈছে প্ৰকৃতি । নেৰানেপেৰা বৰষুণৰ ফলত সৃষ্টি হোৱা পৰিস্থিতিয়ে কাঢ়ি নিছে বহুতৰে জীৱন । দেওবাৰে উত্তৰাখণ্ড চৰকাৰে প্ৰকাশ কৰা তথ্য অনুসৰি, বৰষুণৰ ফলত সংঘটিত ঘটনাত নিহত হোৱা লোকৰ সংখ্যা ৭২ জনলৈ বৃদ্ধি পাইছে । এতিয়াও ৪ জন লোক সন্ধানহীন হৈ আছে ।

যোৱা ১৭-১৯ অক্টোবৰলৈ ৰাজ্যখনত সংঘটিত দুৰ্যোগত ২৬ জন লোক আহত হৈছে । ধাৰাসাৰ বৰষুণৰ ফলত ৰাজ্যখনৰ বিভিন্ন স্থানত ভূমিস্খলন হোৱা পৰিলক্ষিত হৈছে । ক্ষতিগ্ৰস্ত হৈছে বহু বাসগৃহ, সা-সম্পত্তিৰ । বানৰ ফলত ৰাজ্যখনত যথেষ্ট ক্ষতি হৈছে । এতিয়ালৈকে ৰাজ্যখনৰ ২২৪ টা বাসগৃহ ক্ষতিগ্ৰস্ত হৈছে ।

ইয়াৰ পূৰ্বে শুকুৰবাৰে উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে ঘোষণা কৰিছিল যে, তেওঁৰ চলিত বৰ্ষৰ অক্টোবৰ মাহৰ দৰমহা মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ আগবঢ়াব ।

ৰাজ্যখনত SDRF বাহিনীয়ে ১৭ অক্টোবৰৰ পৰা বিভিন্ন স্থানত উদ্ধাৰ অভিযান চলাই আছে । কেৰালাতো বৰষুণৰ ফলতে ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হৈছে । সমান্তৰালকৈ ছিকিম আৰু দাৰ্জিলিঙতো বাৰুকৈয়ে ক্ষতিগ্ৰস্ত কৰিছে মূষলধাৰ বৰষুণে । স্বাভাৱিক জীৱন ব্যাহত কৰিছে নেৰানেপেৰা বৰষুণে ।

লগতে পঢ়ক: ক্ৰমাৎ বৃদ্ধি পাইছে মিজোৰামত প্ৰৱেশ কৰা ম্যানমাৰৰ শৰণাৰ্থীৰ সংখ্যা

ABOUT THE AUTHOR

...view details