নেশ্যনেল ডেস্ক,২৪ ফেব্ৰুৱাৰী :যোৱা ১৪ ফেব্ৰুৱাৰীত অনুষ্ঠিত হৈছিল উত্তৰাখণ্ডৰ বিধানসভা নিৰ্বাচন (Uttarakhand assembly election 2022)। কিন্তু এই নিৰ্বাচনৰ বিসংগতিক লৈ সম্প্ৰতি ৰাজনৈতিক মহলত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । কিছুদিন পূৰ্বে কংগ্ৰেছ নেতা হৰিশ ৰাৱাটে উত্তৰাখণ্ডত ডাক বেলট টেম্পাৰিং সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰিছিল (Harish Rawat alleged ballot tampering in Uttarakhand)। লগতে এই সন্দৰ্ভত টুইটাৰত এটা ভিডিঅ' শ্বেয়াৰ কৰি সমগ্ৰ বিষয়টোত গুৰুত্ব আৰোপ কৰিবলৈ নিৰ্বাচন আয়োগক আহ্বান জনাইছিল ।
অৱশেষত নিৰ্বাচন আয়োগে গুৰুত্ব সহকাৰে লৈছে সেই অভিযোগ । সামাজিক মাধ্যমত শ্বেয়াৰ হোৱা ভিডিঅ'টো সন্দৰ্ভত পিথোৰাগড় আৰক্ষীক গোচৰ ৰুজু কৰিবলৈ নিৰ্দেশ দিছে নিৰ্বাচন আয়োগে ।আৰক্ষীয়ে জনোৱা মতে মঙলবাৰে দিদিহাট বিধানসভাৰ কংগ্ৰেছ প্ৰাৰ্থী প্ৰদীপ পালে ঘটনাটো সন্দৰ্ভত নিৰ্বাচন আয়োগ আৰু আৰক্ষীৰ ওচৰত লিখিত অভিযোগ দাখিল কৰিছে । সেই অভিযোগৰ ভিত্তিত দিদিহাট আৰক্ষী থানাত ইতিমধ্যে ৰুজু কৰা হৈছে এটা গোচৰ ।