নিউজ ডেস্ক, ২৯ আগষ্ট:উত্তৰাখণ্ড আৰক্ষীয়ে চাইবাৰ অপৰাধৰ বিৰুদ্ধে সজাগতা বৃদ্ধিৰ বাবে আৰম্ভ কৰিছে ‘উত্তৰাখণ্ড চাইবাৰ কমিক্স’ । আৰক্ষীৰ এই নতুন পদক্ষেপৰ জৰিয়তে উত্তৰাখণ্ড দেশৰ ভিতৰতে কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যৱহাৰ কৰা প্ৰথমখন ৰাজ্য হিচাপে পৰিগণিত হৈছে । কাল্পনিক চৰিত্ৰ ছুপাৰকপ চক্ৰেশৰ কামৰ আধাৰত নিৰ্মাণ কৰা হ’ব কমিকছ । প্ৰতি সোমবাৰে প্ৰকাশ পাব ‘চক্ৰেশ কি কহানিয়ান’ ৷
চাইবাৰ অপৰাধৰ বাহিৰেও ছ’চিয়েল মিডিয়াত তীক্ষ্ণ দৃষ্টি ৰাখিছে এছটিএফৰ এছএছপি আয়ুষ আগৰৱালাই । একে সময়তে চাইবাৰ অপৰাধৰ সন্দৰ্ভত সজাগতা বৃদ্ধিৰ প্ৰয়োজনীয়তাৰ ওপৰতো গুৰুত্ব আৰোপ কৰা হৈছে । এই দিশত চাইবাৰ ক্ৰাইম থানাক নিৰ্দেশনা দিয়া হৈছে । উত্তৰাখণ্ড আৰক্ষীয়ে এই নতুন ধাৰণা ‘উত্তৰাখণ্ড চাইবাৰ কমিক্স’ৰ জৰিয়তে ৰাজ্যখনৰ লগতে দেশৰ প্ৰতিটো কোণত উপনীত হোৱাৰ বাবে সাজু হৈছে ৷ ডেপুটি এছ পি চাইবাৰ অংকুশ মিশ্ৰই AI (Artificial Intelligence) ভিত্তিক কাৰ্টুন প্ৰস্তুত কৰি আছে আৰু তেওঁৰ দলৰ সৈতে এই কমিক্সসমূহ বিকশিত কৰাত সহায় কৰিছে ৷
উল্লেখ্য যে, উত্তৰাখণ্ডত চাইবাৰ অপৰাধৰ গ্ৰাফ ক্ৰমাগতভাৱে বৃদ্ধি পাইছে । উত্তৰাখণ্ডৰ চাইবাৰ অপৰাধ আৰক্ষী থানাই সতৰ্কতা বৃদ্ধিৰ বাবে নিয়মীয়াকৈ ৰাষ্ট্ৰীয় চাইবাৰ এডভাইজাৰী জাৰি কৰিছে । ইউটিউবৰ সৈতে জড়িত বহু উপদেশ যেনে চাবস্ক্ৰিপচন কেলেংকাৰী, নাইজেৰিয়ান জালিয়াতি, এআই ভিত্তিক ভইচ ক্ল’নিং জালিয়াতি আদি বিগত সময়ত জাৰি কৰা হৈছে ।