অসম

assam

ETV Bharat / bharat

Kanwar Yatra Registration: কানৱাৰ যাত্ৰা পঞ্জীয়ন বাবে প'ৰ্টেল মুকলি - Kumbh Mela

কানৱাৰ যাত্ৰা সুৰক্ষিত আৰু সুচল কৰাৰ বাবে উত্তৰাখণ্ড আৰক্ষীয়ে ৰাজ্যখনলৈ অহা ভক্ৰতসকলৰ পঞ্জীয়ন আৰম্ভ কৰিছে (Uttarakhand police Started Registration Portal For Kanwariyas)। পঞ্জীয়নৰ বাবে প'ৰ্টেলটো মুকলি কৰা বুলি আৰক্ষীৰ সূত্ৰই সদৰি কৰিছে ।

Kanwar
Kanwar Yatra Registration

By

Published : Jul 10, 2022, 2:06 PM IST

নেচনেল ডেস্ক, ১০ জুলাই:কানৱাৰ যাত্ৰা সুচল আৰু সুৰক্ষিত কৰাৰ বাবে উত্তৰাখণ্ড আৰক্ষীয়ে প্ৰথমবাৰৰ বাবে পঞ্জীয়ন প্ৰক্ৰিয়া আৰম্ভ কৰিছে । এই সুবিধাই যাত্ৰীসকলক যিকোনো পৰিস্থিতিত সহায় কৰিব বুলি উত্তৰাখণ্ড আৰক্ষীয়ে আশা ব্যক্ত কৰে (Uttarakhand police Started Registration Portal For Kanwariyas) । উল্লেখ্য় যে, এইবাৰ উত্তৰাখণ্ডত ১৪ জুলাইৰ পৰা ২৭ জুলাইলৈ কানৱাৰ যাত্ৰা আৰম্ভ হ'ব । শনিবাৰে সন্ধিয়া আৰক্ষী মুখ্য কাৰ্যালয়ে কাৱদ যাত্ৰীসকলৰ বাবে https://policecitizenportal.uk.gov.in/Kavad চৰকাৰী পঞ্জীয়ন প'ৰ্টেল মুকলি কৰে ।

আৰক্ষী বিভাগে কানৱাৰ যাত্ৰীসকলক তেওঁলোকে এই প'ৰ্টেলত পঞ্জীয়ন কৰিবলৈ আহ্বান জনায় । কাৰণ এনে কৰিলে তেওঁলোকৰ কোনো ধৰণৰ অসুবিধা নহয় । তদুপৰি এনে ব্য়ৱস্থাই কানৱাৰ যাত্ৰা পঞ্জীয়নে প্ৰমাণীকৰণত সহায় কৰিব বুলিও আৰক্ষীয়ে কয় ।

উল্লেখ্য় যে অহা ১৪ জুলাইৰ পৰা ২৭ জুলাইলৈ অনুষ্ঠিত হ'বলগীয়া কানৱাৰ মেলালৈ ৪ কোটিতকৈও অধিক ভক্ত আহিব বুলি আশা কৰা হৈছে। এনে পৰিস্থিতিত যাত্ৰা সন্দৰ্ভত আৰক্ষী বিভাগ প্ৰশাসনে বহুতো গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে( Kumbh Mela)। কেৱল এয়াই নহয়, কানৱাৰ যাত্ৰাৰ সময়ত যাতে কোনো ধৰ্মীয় বিভ্ৰান্তি বা অৰাজকতা নহয় তাৰবাবে সকলো ব্যৱস্থা গ্ৰহণ কৰিছে ৷

লগতে পঢ়ক:Cloudburst hits JK: জন্মু-কাশ্মীৰত পুনৰ ডাৱৰ বিস্ফোৰণ

For All Latest Updates

ABOUT THE AUTHOR

...view details