নেশ্যনেল ডেস্ক,১৩ মাৰ্চ: উত্তৰাখণ্ডৰ নতুন মুখ্যমন্ত্ৰী তীৰথ সিং ৰাৱটৰ নতুন সিদ্ধান্ত । ৰাৱটৰ নেতৃত্বত উত্তৰাখণ্ডৰ নতুন কেবিনেটে COVID-১৯ ৰ নিয়ম উলংঘনৰ ক্ষেত্ৰত পঞ্জীয়ন কৰা সকলো গোচৰ প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । শুকুৰবাৰে ৰাৱটৰ প্ৰথমখন কেবিনেট বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰাৰ কথা ৰাজ্যিক মুখ্য সচিব ওম প্ৰকাশে সদৰী কৰে । আনহাতে, মুখ্য সচিবগৰাকীয়ে ৰাজ্যখনৰ সকলো বিধানসভা সমষ্টিতে চৰকাৰৰ চাৰি বছৰীয়া বৰ্ষপূৰ্তি অনুষ্ঠান উদযাপন কৰিবলৈ কয় ।
COVID-১৯ নীতি উলংঘনৰ সকলো গোচৰ প্ৰত্যাহাৰৰ সিদ্ধান্ত উত্তৰাখণ্ড চৰকাৰৰ - প্ৰথমখন কেবিনেট বৈঠক
উত্তৰাখণ্ডৰ নতুন মুখ্যমন্ত্ৰী তীৰথ সিং ৰাৱটে প্ৰথমখন কেবিনেট বৈঠকত COVID-১৯ ৰ নিয়ম উলংঘনৰ ক্ষেত্ৰত পঞ্জীয়ন কৰা সকলো গোচৰ প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ।
তীৰথ সিং ৰাৱট
উল্লেখ্য যে, মঙলবাৰে প্ৰাক্তন মুখ্যমন্ত্ৰী ত্ৰিবেন্দ্ৰ সিং ৰাৱটে মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰাৰ পাচতে গড়ৱালাৰ ৫৬ বছৰীয়া লোকসভাৰ সাংসদগৰাকীয়ে বুধবাৰে উত্তৰাখণ্ডৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে । সূত্ৰ অনুসৰি, উত্তৰাখণ্ডৰ বিজেপিৰ সাধাৰণ সম্পাদক দুশ্যন্ত কুমাৰ গৌতম আৰু ছত্তিশগড়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ড৹ ৰমন সিঙে বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বক এক প্ৰতিবেদন দাখিল কৰাৰ পাচতে ত্ৰিবেন্দ্ৰ সিঙে পদত্যাগ কৰে ।
লগতে পঢ়ক: চলিত বৰ্ষত 26 বাৰলৈকে ইন্ধনৰ মূল্যবৃদ্ধি