অসম

assam

ETV Bharat / bharat

Patanjali Divya Pharmacy : ৰামদেৱৰ দিব্যা ফাৰ্মাচীলৈ জাননী পঠিয়াই বিপদত চৰকাৰী বিষয়া - ৰামদেৱৰ দিব্যা ফাৰ্মাচী

উত্তৰাখণ্ড চৰকাৰৰ আয়ুৰ্বেদ আৰু য়ুনানি বিভাগৰ (Uttarakhand Govt Department of Ayurveda and Unani) বিষয়াই ৰামদেৱৰ দিব্যা ফাৰ্মাচীক ঔষধৰ সামগ্ৰী সন্দৰ্ভত জাননী জাৰি কৰে (Baba Ramdev Divya Pharmacy) । ইয়াৰ পিছতে চৰকাৰে এই বিষয়াজনৰ পৰা উত্তৰ বিচাৰিছে । বিশেষ কথাটো হ'ল যে বিষয়টো হাই প্ৰফাইল হোৱাৰ বাবে সঞ্চালকালয়ৰ পৰা চৰকাৰলৈকে কোনেও ইয়াৰ ওপৰত কোনো মন্তব্য দিবলৈ সাজু নহয় । উত্তৰাখণ্ড চৰকাৰৰ আয়ুৰ্বেদ আৰু য়ুনানি বিভাগৰ এজন বিষয়া ডাঃ জংপাংগীয়ে এই সন্দৰ্ভত ইটিভি ভাৰতক ফোনযোগে জনায় যে, তেওঁ চৰকাৰৰ পৰা জাননী পাইছে । তেওঁ উক্ত জাননীখনৰ প্ৰত্যুত্তৰ দিব ।

Ramdev
Ramdev

By

Published : Nov 11, 2022, 5:39 PM IST

নিউজ ডেস্ক, ১১ নৱেম্বৰ : উত্তৰাখণ্ড চৰকাৰৰ আয়ুৰ্বেদ আৰু য়ুনানি বিভাগৰ (Uttarakhand Govt Department of Ayurveda and Unani) বিষয়াই ঔষধৰ সামগ্ৰী সন্দৰ্ভত বাবা ৰামদেৱৰ সৈতে সম্পৰ্কিত দিব্যা ফাৰ্মাচীলৈ জাননী জাৰি কৰে (Notice to Divya Pharmacy)। ইয়াৰ পিছতে চৰকাৰে উক্ত বিষয়াজনৰ পৰা উত্তৰ বিচাৰিছে । বিশেষ কথাটো হ'ল যে গোচৰটো হাই প্ৰফাইল হোৱাৰ বাবে সঞ্চালকালয়ৰ পৰা চৰকাৰলৈকে কোনেও ইয়াৰ ওপৰত মন্তব্য কৰিবলৈ সাজু নহয় ।

বাবা ৰামদেৱৰ দিব্যা ফাৰ্মাচীৰ (Baba Ramdev Divya Pharmacy) ঘটনা ৰাজহুৱা হোৱাৰ পিছত ইয়াৰ ওপৰত এক বিতৰ্ক আৰম্ভ হৈছে । এফালে আয়ুৰ্বেদ বিভাগৰ বিষয়া ডাঃ জিপিএছ জাংপাংগীয়ে ফাৰ্মাচীখনৰ পাঁচটা ঔষধ উৎপাদন সম্পৰ্কে ফাৰ্মাচীলৈ এখন পত্ৰ প্ৰেৰণ কৰিছে । আনহাতে, বাবা ৰামদেৱৰ দিব্যা ফাৰ্মাচীয়ে বিভাগটোৰ কাৰ্যকলাপ সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰিছে ।

এই ক্ষেত্ৰত ডাঙৰ আৰু এক্সক্লুছিভ খবৰটো হৈছে যে চৰকাৰে দিব্যা ফাৰ্মাচীক জাননী দিয়া এই বিষয়াজনৰ পৰা উত্তৰ বিচাৰিছে । ইটিভি ভাৰতৰ হাতত উপলব্ধ তথ্য অনুসৰি, বিষয়াজনক চৰকাৰে সুধিছে যে দিব্যা ফাৰ্মাচীক দিয়া জাননীৰ ভিত্তি কি আৰু এই সন্দৰ্ভত বিষয়াজনলৈ এখন পত্ৰও প্ৰেৰণ কৰা হৈছে ।

ইটিভি ভাৰতে এই সন্দৰ্ভত উত্তৰাখণ্ড চৰকাৰৰ আয়ুৰ্বেদ আৰু য়ুনানি বিভাগৰ এজন বিষয়া ডাঃ জিপিএছ জাংপাংগীৰ সৈতে বাৰ্তালাপ কৰে । জাংপাংগীয়ে টেলিফোনত কয় যে, তেওঁৰ পৰা চৰকাৰে উত্তৰ বিচাৰিছে । তেওঁ লগতে কয় যে, তেওঁ চৰকাৰৰ উক্ত পত্ৰৰ উত্তৰ দিব ।

আনহাতে, চৰকাৰৰ এই পদক্ষেপৰ পিছত বিষয়টোত অধিক বিতৰ্কৰ সম্ভাৱনা আছে । ইয়াৰ কাৰণ হৈছে বিষয়টো বাবা ৰামদেৱৰ সৈতে সম্পৰ্কিত হোৱাৰ বাবে গোটেই বিষয়টোৱেই হাই প্ৰফাইল হৈ পৰিছে । এনে পৰিস্থিতিত যদি এজন বিষয়াৰ পৰা উত্তৰ বিচৰা হয় তেন্তে প্ৰশাসনৰ ওপৰতো প্ৰশ্ন উত্থাপিত হ'ব পাৰে ।

উল্লেখ্য, ‘‘বিভ্ৰান্তিকৰ বিজ্ঞাপন'ৰ উদ্ধৃতি দি উত্তৰাখণ্ডৰ আয়ুৰ্বেদ আৰু য়ুনানি অনুজ্ঞা-পত্ৰ প্ৰাধিকৰণে পতঞ্জলিৰ সামগ্ৰী উৎপাদন কৰা দিব্যা ফাৰ্মাচীক পাঁচটা ঔষধৰ উৎপাদন বন্ধ কৰিবলৈ নিৰ্দেশ দিছে । বাবা ৰামদেৱৰ দিব্যা ফাৰ্মাচীৰ প্ৰতিক্ৰিয়াও এই ক্ষেত্ৰত আহিছে । দিব্যা ফাৰ্মাচীয়ে এখন পত্ৰ জাৰি কৰি কয় যে, তেওঁলোকে প্ৰস্তুত কৰা সকলো সামগ্ৰী আৰু ঔষধ নিৰ্ধাৰিত মানদণ্ড অনুসৰি সকলো আইনী প্ৰক্ৰিয়া সম্পূৰ্ণ কৰি তৈয়াৰ কৰা হয় । দিব্যা ফাৰ্মাচীয়ে কয় যে, ইয়াত আয়ুৰ্বেদবিৰোধী ঔষধ মাফিয়া জড়িত আছে । আমি এই ষড়যন্ত্ৰক কোনো ধৰণে সফল হ'বলৈ নিদিওঁ বুলিও কয় ।

কেৰালাৰ এজন চিকিৎসক কে ভি বাবুৱে বিগত জুলাই মাহত এটা অভিযোগ কৰিছিল । তেওঁ পতঞ্জলিৰ দিব্যা ফাৰ্মাচীৰ দ্বাৰা Drugs and Magic Remedies (Objectionable Advertisement) আইন 1954, Drugs and Cosmetics আইন 1940 আৰু Drugs and Cosmetics Rules, 1945 বাৰে বাৰে উলংঘন কৰাৰ অভিযোগ উত্থাপন কৰিছিল । বাবুৱে পুনৰ ১১ অক্টোবৰত ৰাজ্যিক অনুজ্ঞা-পত্ৰ কৰ্তৃপক্ষলৈ ই-মেইলযোগে এটা অভিযোগ প্ৰেৰণ কৰিছিল ।

বাবা ৰামদেৱৰ ৫ টা ঔষধ নিষিদ্ধ :কৰ্তৃপক্ষই পতঞ্জলিক ফৰ্মুলেচন শ্বীট আৰু লেবেল সলনি কৰিবলৈ আৰু মুঠ ৫ টা ঔষধৰ বাবে পুনৰ অনুমোদন ল'বলৈ কৈছে । কোম্পানীটোৱে সংশোধনৰ বাবে অনুমোদন লোৱাৰ পিছতহে উৎপাদন পুনৰ আৰম্ভ কৰিব পাৰে বুলি আদেশটোত কোৱা হৈছে । দিব্যা ফাৰ্মাচীলৈ প্ৰেৰণ কৰা এখন পত্ৰত যুটীয়া সঞ্চালক আৰু ঔষধ নিয়ন্ত্ৰক ডাঃ জিচিএন জাংপাংগীয়ে কোম্পানীটোক তৎক্ষণাৎ সংবাদ মাধ্যমৰ পৰা 'বিভ্ৰান্তিকৰ আৰু আপত্তিজনক বিজ্ঞাপন' আঁতৰাবলৈ কৈছে । লগতে উৎপাদন অনুজ্ঞা-পত্ৰ প্ৰত্যাহাৰ কৰিবলৈ সতৰ্ক কৰি দিয়া হৈছে । আনহাতে, ভৱিষ্যতে কেৱল অনুমোদিত বিজ্ঞাপন চলাবলৈহে পৰামৰ্শ দিয়া হৈছে । কৰ্তৃপক্ষই এসপ্তাহৰ ভিতৰত এই বিষয়টোত কোম্পানীটোৰ পৰা উত্তৰ বিচাৰিছে ।

বাবা ৰামদেৱৰ দিব্যা ফাৰ্মাচীৰ মতে ষড়যন্ত্ৰ : বাবা ৰামদেৱৰ দিব্যা ফাৰ্মাচীয়ে ইয়াৰ ওপৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । পতঞ্জলিৰ ফাৰ্মাচিউটিকেল উৎপাদন গোট দিব্যা ফাৰ্মাচী হৈছে আন্তৰ্জাতিক মানদণ্ড অনুসৰি ঔষধ প্ৰস্তুত কৰা সংগঠন । যিয়ে আয়ুৰ্বেদ পৰম্পৰাৰ সৰ্বোচ্চ গৱেষণা আৰু মানদণ্ডৰ সৈতে 500-ৰো অধিক বিজ্ঞানীৰ সহযোগত ব্যৱহাৰিক আৰু নিদানিক পৰীক্ষণৰ আধাৰত ঔষধ প্ৰস্তুত কৰি যি ফল পোৱা যায় সেয়া ৰোগীৰ স্বাৰ্থৰ বাবে দেশৰ সন্মুখত দাঙি ধৰে । যদি কোনোবাই ঔষধৰ নামত চলি থকা বিভ্ৰান্তি আৰু ভয়ৰ ব্যৱসায়ক আক্ৰমণ কৰিছে, তেনেহ'লে সেয়া হৈছে পতঞ্জলি ইনষ্টিটিউট ।

লগতে পঢ়ক :Rajiv Gandhi assassination case : ৰাজীৱ গান্ধী হত্যাৰ দোষীক মুক্তিৰ নিৰ্দেশ ছুপ্ৰিম কোৰ্টৰ

ABOUT THE AUTHOR

...view details