নেশ্যনেল ডেস্ক, 21 অক্টোবৰ: কেৰালাৰ পাচত এইবাৰ উত্তৰাখণ্ডত ৰুষ্ট প্ৰকৃতিৰ তাণ্ডৱ ৷ যেন মৃত্যুৰ উপত্যকাত হে পৰিণত হৈছে দেৱভূমি হিচাপে জনাজাত উত্তৰাখণ্ড ৷ ৰাজ্যখনত হোৱা প্ৰৱল বৃষ্টিপাতৰ ফলত গভীৰ বান সমস্যাই দেখা দিছে ৷ ইয়াৰ লগতে খহনীয়াও অব্যাহত আছে পাহাৰীয়া ৰাজ্যখনত ৷
এই সংকটপূৰ্ণ অৱস্থাত বৰ্তমানলৈকে ৰাজ্যখনত প্ৰাণ হেৰুৱাইছে 64 গৰাকী লোকে ৷ তাৰোপৰি এই পৰ্যন্ত প্ৰায় 35000 লোকক উদ্ধাৰ কৰি নিৰাপদ স্থানলৈ প্ৰেৰণ কৰা হৈছে ৷ আনহাতে বৰ্তমানেও সন্ধানহীন হৈ আছে 11 জনতকৈও অধিক লোক ৷ প্ৰাকৃতিক সৌন্দৰ্যৰ বাবে বিখ্যাত নাইনিতালত মৃত্যু হৈছে সৰ্বাধিক 30 গৰাকী লোকৰ ৷
বৰ্তমানেও ৰাজ্যখনত অব্যাহত আছে উদ্ধাৰ অভিযান ৷ উদ্ধাৰ অভিযানত নিয়োজিত হৈ আছে এন ডি আৰ এফৰ 17 টা দল, এছ ডি আৰ এফৰ 7 টা দলৰ লগতে পি এ চিৰ 15 টা কোম্পানী আৰু 5000 ৰো অধিক আৰক্ষী জোৱান ৷