নেশ্যনেল ডেস্ক,৯ মাৰ্চ: উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী ত্ৰিবেন্দ্ৰ সিং ৰাৱটে মঙলবাৰে দুপৰীয়া ৰাজ্যপালৰ ওচৰত পদত্যাগ পত্ৰ দাখিল কৰে । কেইবাগৰাকীও মন্ত্ৰী আৰু বিধায়কে ৰাৱটৰ কৰ্মশৈলীক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছিল । দলৰ একাংশ বিধায়ক আৰু সাংসদে অসন্তুষ্টি প্ৰকাশ কৰি থকাৰ মাজতে সোমবাৰে দলৰ শীৰ্ষ নেতৃত্বই মুখ্যমন্ত্ৰীগৰাকীক তলৱ জাৰি কৰে ।
সেই অনুসৰি সোমবাৰে ৰাৱটে দিল্লীলৈ যাত্ৰা কৰে । প্ৰথমবাৰৰ বাবে বিধায়ক হিচাপে নিৰ্বাচিত হোৱা ধন সিং ৰাৱটক বৰ্তমানৰ মুখ্যমন্ত্ৰী ত্ৰিবেন্দ্ৰ সিং ৰাৱটৰ বিকল্প হিচাপে বাচনি কৰাৰ সম্ভাৱনা আছে । আনহাতে, ৰাজ্যখনৰ আন দুজন জ্যেষ্ঠ নেতা অজয় ভট্ট আৰু অনিল বালুনীকো এই শীৰ্ষ পদৰ দায়িত্ব অৰ্পণৰ সম্ভাৱনীয়তা বৃদ্ধি পাইছে । এক সূত্ৰই প্ৰকাশ কৰা মতে, দলে উপ-মুখ্যমন্ত্ৰী পদতো এজন প্ৰভাৱশালী নেতাক অধিষ্ঠিত কৰিব পাৰে । এই নেতাগৰাকী কুমাউন অঞ্চলৰ হোৱাৰ সম্ভাৱনা আছে ।