নেশ্যনেল ডেস্ক, ৩ জুলাই: অৱশেষত তীৰথ সিং ৰাৱটে এৰিলে উত্তৰাখণ্ডৰ দায়িত্ব । উত্তৰাখণ্ডত চলিছে তৃতীয়গৰাকী মুখ্যমন্ত্ৰীক আদৰাৰ প্ৰস্তুতি । শুকুৰবাৰে নিশা বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাক সাক্ষাৎ কৰাৰ পাছতে ৰাজ্যপাল বেবী ৰাণী মৌৰ্যৰ হাতত পদত্যাগ পত্ৰ দাখিল কৰে তীৰথ সিং ৰাৱটে । শনিবাৰে আবেলি ৩ বজাত বিজেপি বিধায়িনী দলৰ বৈঠক অনুষ্ঠিত হ'ব ।
এই বৈঠকতে নতুন মুখ্যমন্ত্ৰী কোন হ'ব সেই সিদ্ধান্ত গ্ৰহণ কৰা হ'ব । মুখ্যমন্ত্ৰী পদৰ বাবে চৰ্চাত আছে বৰ্তমানৰ বিধায়ক সতপাল মহাৰাজ আৰু ধন সিং ৰাৱটৰ নাম । তেওঁলোকক ইতিমধ্যে বিজেপিৰ হাই কমাণ্ডে দিল্লীলৈ মাতি পঠিয়াইছে ।
ডেৰাডুনত অনুষ্ঠিত হ'বলগীয়া বিধায়িনী দলৰ বৈঠকৰ পৰ্যবেক্ষকৰ দায়িত্ব দিয়া হৈছে কেন্দ্ৰীয় মন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰক । শুকুৰবাৰে তেওঁ ৰাজ্যপালক পদত্যাগ পত্ৰ দাখিল কৰাৰ পাছত তীৰথ সিং ৰাৱটে বিজেপি হাই কমাণ্ডক ধন্যবাদ জনায় । সময়ে সময়ে বিভিন্ন দায়িত্ব অৰ্পণ কৰাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা আৰু দলৰ সকলো নেতাৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে ।