অসম

assam

উত্তৰকাশী হিমস্খলনত আৱদ্ধ হৈ থকা পৰ্বতাৰোহী দীপশিখা হাজৰিকাৰ মৃতদেহ উদ্ধাৰ

By

Published : Oct 8, 2022, 12:43 PM IST

Updated : Oct 8, 2022, 2:02 PM IST

যোৱা 4 অক্টোবৰ উত্তৰাখণ্ডৰ উত্তৰকাশী জিলাৰ দ্ৰৌপদীৰ দণ্ডা-২ শৃংগত সংঘটিত হিমস্খলনত আৱদ্ধ হৈ থকা অসমৰ পৰ্বতাৰোহী দীপশিখা হাজৰিকাৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে (Body recovered of Deepshikha Hazarika)৷

Uttarakhand avalanche: Body recovered of Deepshikha Hazarika
উত্তৰকাশী হিমস্খলনত আৱদ্ধ হৈ থকা পৰ্বতাৰোহী দীপশিখা হাজৰিকাৰ মৃতদেহ উদ্ধাৰ

নেশ্যনেল ডেস্ক, 8 অক্টোবৰ:পৰ্বতাৰোহণ ইতিহাসৰ ভয়ংকৰ অঘটন ৷ যোৱা 4 অক্টোবৰ উত্তৰাখণ্ডৰ উত্তৰকাশী জিলাৰ দ্ৰৌপদীৰ দণ্ডা-২ শৃংগত সংঘটিত হিমস্খলনত আৱদ্ধ হৈ থকা অসমৰ পৰ্বতাৰোহী দীপশিখা হাজৰিকাৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে (Body recovered of Deepshikha Hazarika)৷ হিমস্খলনৰ পিছৰ পৰাই সন্ধানহীন হৈ আছিল পৰ্বতাৰোহী দীপশিখা হাজৰিকা (Assam mountaineer Deepshikha Hazarika missing) । দীপশিখা হাজৰিকাৰ ঘৰ গুৱাহাটীৰ ৰাজগড়ত ।

ইতিমধ্যে শনিবাৰলৈ এডভান্স বেচ কেম্পৰ দুৰ্ঘটনাস্থলীৰ পৰা 26 টা মৃতদেহ উদ্ধাৰ কৰা হৈছে (26 body recovered in Uttarakhand avalanche)৷ শুকুৰবাৰে পুৱা হৰ্ষিলৰ পৰা 2 খন হেলিকপ্টাৰ ঘটনাস্থলীৰ ফালে উৰা মাৰিছিল ৷ সন্ধানহীন হৈ থকা বাকী ১০ জন প্ৰশিক্ষাৰ্থীক আগতীয়াকৈ আধাৰ শিবিৰত নিয়োজিত উদ্ধাৰকাৰী দলে তালাচী চলাই আছিল ৷ শনিবাৰে দীপশিখাৰ লগতে ঘটনাস্থলীৰ পৰা ৭ গৰাকী পৰ্বতাৰোহীৰ মৃতদেহ উদ্ধাৰ কৰি হেলিপেডলৈ লৈ যোৱা যোৱা হৈছে ৷ ইয়াৰোপৰি বেয়া বতৰৰ বাবে শনিবাৰে উদ্ধাৰ থকা তিনিটা মৃতদেহ এতিয়াও আধাৰ শিবিৰত ৰখা হৈছে । বতৰ পৰিষ্কাৰ হোৱাৰ লগে লগে বাকী তিনিটা মৃতদেহ মাতলি হেলিপেডলৈ অনা হ'ব।

এছডিআৰএফৰ কমাণ্ডেণ্ট কে মণিকান্ত মিশ্ৰই কয় যে বতৰ স্বাভাৱিক হ’লে হেলিকপ্টাৰেৰে আধাৰ শিবিৰৰ পৰা বাকী তিনিটা মৃতদেহো লৈ অহা হ’ব ৷ ইতিমধ্যে উদ্ধাৰ কৰা সাতটা মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে ৷ মৰণোত্তৰ পৰীক্ষাৰ পিছত মৃতদেহকেইটা পৰিয়ালৰ লোকক হস্তান্তৰ কৰা হ'ব।

উত্তৰাখণ্ডৰ ডিজিপি অশোক কুমাৰে কোৱা অনুসৰি হিমস্খলনথলীৰ পৰা মুঠ 26 টা মৃতদেহ উদ্ধাৰ কৰা হৈছে ৷ মৃতদেহকেইটা হেলিকপ্টাৰৰ সহায়ত হেলিপেডলৈ লৈ অনা হৈছে ৷ নিখোজ হৈ থকা সকলক উদ্ধাৰ কৰিবলৈ আইটিবিপি, নেহৰু মাউন্টেনিয়াৰিং ইনষ্টিটিউট, বায়ু সেনা, সেনা, এছডিআৰএফ আদি বিভিন্ন সংস্থাৰ মুঠ ৩০ টা উদ্ধাৰকাৰী দল মোতায়েন কৰা হৈছে ৷

বৃহস্পতিবাৰে উদ্ধাৰকাৰী দলটোৱে ক্ৰেভাছত আৱদ্ধ হৈ থকা সকলো পৰ্বতাৰোহীৰ সন্ধান উলিয়াব নোৱাৰিলে যদিও উদ্ধাৰকাৰী দলে 16 টা মৃতদেহ উদ্ধাৰ কৰে ৷ উদ্ধাৰ হোৱা মৃতদেহকেইটাৰ ভিতৰত দুজন প্ৰশিক্ষক আৰু 14 গৰাকী প্ৰশিক্ষাৰ্থী আছিল ৷

উল্লেখ্য যে নেহৰু ইনষ্টিটিউট অৱ মাউন্টেনিয়াৰিং (এনআইএম)ৰ (Nehru Mountaineering Institute ) অধ্যক্ষ কৰ্ণেল অমিত বিষ্টে কয় যে, প্ৰতিষ্ঠানখনৰ ৩৪ জনীয়া প্ৰশিক্ষাৰ্থী পৰ্বতাৰোহী আৰু সাতজন প্ৰশিক্ষকৰ এটা দল উভতি অহাৰ সময়তে পুৱা 8.45 বজাত হিমস্খলনৰ ঘটনাটো সংঘটিত হৈছিল ৷ ১৬ হাজাৰ ফুট উচ্চতাত সংঘটিত হৈছিল এই ভয়াৱহ হিমস্খলনটো ।

লগতে পঢ়ক:ভাৰতীয় বায়ুসেনাই আগন্তুক বছৰৰ ভিতৰত মকৰল কৰিব মহিলা অগ্নিবীৰ

Last Updated : Oct 8, 2022, 2:02 PM IST

ABOUT THE AUTHOR

...view details