নিউজ ডেস্ক, ১৯ জুন :উত্তৰাখণ্ডৰ পুষ্কৰ ধামী নেতৃত্বাধীন বিজেপি চৰকাৰে উত্তৰকাশী জিলাৰ গঙ্গোত্ৰী ৰাষ্ট্ৰীয় উদ্যানৰ পৰা সেনা আৰু আইটিবিপিলৈ প্ৰায় ৫১ হেক্টৰ ভূমি হস্তান্তৰ কৰিব । অঞ্চলটোত যাতে ভাৰত-চীন আন্তঃৰাষ্ট্ৰীয় সীমান্তত 'কৌশলগতভাৱে গুৰুত্বপূৰ্ণ' সেনা বাংকাৰ আৰু সীমান্তচকী নিৰ্মাণ কৰাৰ বাবে এই ভূমি সেনালৈ হস্তান্তৰ কৰিব বুলি সূত্ৰত প্ৰকাশ । জানিব পৰা মতে, ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই এই সন্দৰ্ভত সেনা জনোৱা অনুৰোধৰ পিছতে প্ৰস্তাৱটোত অনুমোদন জনায় ।
সূত্ৰত প্ৰকাশ পোৱা মতে, সেনাই বাংকাৰ আৰু নিৰীক্ষণচকী নিৰ্মাণৰ বাবে উক্ত ভূমিৰ কিছু অংশ সেনাৰ বাবে হস্তান্তৰ কৰিবলৈ ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ কাষ চাপিছিল । উল্লেখ্য যে হস্তান্তৰ কৰিবলগীয়া উক্ত ভূমি ভাৰত-চীন আন্তঃৰাষ্ট্ৰীয় সীমান্তত অৱস্থিত নেলংকে ধৰি জাজং আৰু চুমলা পিডিএ অঞ্চলত অৱস্থিত আৰু গঙ্গোত্ৰী ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্গত ।
যদিও ভাৰতীয় সেনাৰ সৈতে আইটিবিপিৰ জোৱান অঞ্চলটোত উপস্থিত আছে, কিন্তু চীনা পিপ'লছ লিবাৰেচন আৰ্মীৰ সৈতে পুনৰ সংঘৰ্ষৰ বাবে সীমান্তত টহল দিয়াৰ প্ৰয়োজন হৈছে । তাৰ বাবে ভাৰত-চীন সীমান্তত নিৰাপত্তা শক্তিশালী কৰাৰ বাবে ভাৰত চৰকাৰ আৰু প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ দ্বাৰা নতুন পৰিকল্পনা প্ৰস্তুত কৰা হৈছে ।