নেচনেল ডেস্ক,২৯ জুন: পাহাৰীয়া ৰাজ্য উত্তৰাখণ্ডত ২০২২-২৩ বিত্তীয় বৰ্ষত ৪১ বিলিয়ন টকাৰ অধিক ৰাজহ ৰাহি হোৱাৰ সম্ভাৱনা আছে (Uttarakhand is expected to have a higher revenue surplus of over Rs 41 billion in 2022-23) । ৰেটিং সংস্থা ইণ্ডিয়া ৰেটিঙে ৰাজ্যিক বাজেটৰ বিশ্লেষণত কৰি এইদৰে আশা প্ৰকাশ কৰিছে । ফিচ গ্ৰুপৰ অংশ ইণ্ডিয়া ৰেটিঙছ এণ্ড ৰিচাৰ্ছে চলিত বিত্তীয় বৰ্ষত উত্তৰাখণ্ডৰ বিত্তীয় ঘাটি ৰাজ্যৰ জিডিপিৰ (জিএছডিপি) ২.১% লৈ হ্ৰাস পাব বুলি শেহতীয়া ভাবে প্ৰকাশ কৰা সমাক্ষাটোত উল্লেখ কৰিছে (Analysis of Uttarakhand budget by rating agency India Ratings)। উক্ত সমীক্ষাটোত জিএছডিপিৰ বাজেট ৩.১% তকৈ কম বুলি দেখুওৱা হৈছে।
ৰেটিং সংস্থাটোৰ মতে, ইয়াৰ কাৰণ ৰাজহ আৰু মূলধন ব্যয় সম্পৰ্কীয় আশাবাদী ধাৰণা । তদুপৰি বছৰটোত নামমাত্ৰ জিএছডিপি বৃদ্ধি আৰু ৰাজহ প্ৰাপ্তি বুলি উল্লেখ কৰি ৰেটিং সংস্থাটোৱে এই কাৰকসমূহৰ ফলত বিত্তীয় ঘাটি উন্নত হ'ব বুলিও কয় । এয়া ইতিমধ্যে ১৫তম বিত্ত আয়োগে নিৰ্ধাৰণ কৰা সীমাৰ ভিতৰত আছে আৰু কেন্দ্ৰীয় চৰকাৰে সন্মত হৈছে বুলিও সমীক্ষাটোত প্ৰকাশ পাইছে ।
উল্লেখ্য় যে কেন্দ্ৰই ৰাজ্যিক জিডিপিৰ ৩.৫ % আৰু ৰাজ্যিক পৰ্যায়ত কিছু সংস্কাৰ সাপেক্ষে অতিৰিক্ত আধা শতাংশৰ বিত্তীয় সীমা নিৰ্ধাৰণ কৰিছে (Central govt set the fiscal limit at 3.5% of the state GDP)। আনহাতে, চলিত বিত্তীয় বৰ্ষত উত্তৰাখণ্ডৰ ৰাহি ৰাজহ বাজেট হৈছে ২৪.৬১ বিলিয়ন টকা । এয়া হৈছে ৰাজ্যৰ জিডিপিৰ ০.৯% । ইণ্ডিয়া ৰেটিঙছে এই সন্দৰ্ভত কয়,'কৰ ৰাজহ সম্পৰ্কে নিৰাশাবাদী ধাৰণাৰ বাবে চলিত বিত্তীয় বৰ্ষত ৰাহি ৰাজহ ৰাজ্যৰ জিডিপিৰ প্ৰায় ১.৫ % (41 বিলিয়ন টকা) হোৱাৰ সম্ভাৱনা আছে।' উচ্চ ৰাজহ ৰাহিয়ে ৰাজ্যখনক মূলধন আৰু উৎপাদনশীল সম্পদৰ ওপৰত ইয়াৰ ব্যয় বৃদ্ধি কৰাৰ বাবে বিত্তীয় অনুমতি প্ৰদান কৰিব বুলিও ইণ্ডিয়া ৰেটিঙছৰ সমীক্ষটোত প্ৰকাশ।