নেশ্যনেল ডেস্ক,১ জানুৱাৰী :অহা ২২ জানুৱাৰীত উত্তৰ প্ৰদেশৰ অযোধ্যাত নৱনিৰ্মিত ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা সম্পন্ন হ'ব । যাক লৈ অযোধ্যাত ব্যাপক প্ৰস্তুতি চলিছে । জানিব পৰা মতে সেই দিনটোত ভগৱান ৰামৰ প্ৰতিমূৰ্তি প্ৰতিষ্ঠা কৰা হ'ব । উক্ত কাৰ্যসূচীৰ বিৱৰণ প্ৰদান কৰি শ্ৰীৰাম জন্মভূমি তীৰ্থক্ষেত্ৰ ন্যাসৰ সাধাৰণ সম্পাদক চম্পত ৰায়ে সোমবাৰে কয় যে ২২ জানুৱাৰীৰ দুপৰীয়া ১২.২০ বজাত মূল অধিবেশন আৰম্ভ হ'ব ।
ৰাম মন্দিৰ ন্যাসে ঐতিহাসিক অনুষ্ঠানটোলৈ আহিবলগীয়া বিশেষ অতিথিসকলৰ বাবে সতৰ্কতামূলকভাৱে ব্যৱস্থা কৰি আছে । তেওঁ জনোৱা মতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু আৰু কেইবাগৰাকী শীৰ্ষ ব্যক্তি আৰু ভিভিআইপিক অভিষেক অনুষ্ঠানৰ বাবে আমন্ত্ৰণ জনোৱা হৈছে । কৰ্তৃপক্ষই জনোৱা মতে কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধী আৰু কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিখাৰ্জুন খাৰ্গেৰ উপৰিও আন কেইবাগৰাকী বিৰোধী নেতাকো আমন্ত্ৰণ জনোৱা হৈছে ।