নেশ্যনেল ডেস্ক, 29 ছেপ্টেম্বৰ:খাদ্যত বিষক্ৰিয়া ঘটি অসুস্থ 25 জনকৈচিকিৎসক ৷লক্ষ্ণৌৰ তিনি তাৰকাযুক্ত এখন হোটেলতসংঘটিত হৈছে এই ঘটনা ৷মুখ্য চিকিৎসা বিষয়াই লক্ষ্ণৌৰ তিনি তাৰকাযুক্ত হোটেলত সংঘটিত হোৱা ফুড পইজনিং কাণ্ডৰ তদন্তৰ ইতিমধ্যে নিৰ্দেশ প্ৰদান কৰিছে । অৱশ্যে এজেন্সীৰ প্ৰতিবেদন অনুসৰি হুছেইনগাঞ্জ আৰক্ষীয়ে এনে কোনো তথ্য লাভ কৰা বুলি অভিযোগ নস্যৎ কৰিছে ।
উল্লেখ্য যে, উত্তৰ প্ৰদেশৰ লক্ষ্ণৌৰ হুছেইনগাঞ্জ অঞ্চলৰ এখন তিনি তাৰকাযুক্ত হোটেলত প্ৰশিক্ষণ কাৰ্যসূচীত অংশগ্ৰহণ কৰিবৰ উদ্দেশ্য চিকিৎসকৰ দলটো উপস্থিত হৈছিল আৰু চিকিৎসককেইজনে ৰাতিৰ আহাৰ গ্ৰহণ কৰাৰ পিচতে অসুস্থ হৈ পৰে । আহাৰ গ্ৰহণ কৰাৰ পিচতে চিকিৎসককেইজনে পেটৰ বিষ অনুভৱ কৰা বুলি অভিযোগ উত্থাপন কৰাৰ লগতে কিছু সময়ৰ পিছতে বমি কৰিবলৈ আৰম্ভ কৰে বুলি জনায় ।
এই ঘটনাৰ পিছত আক্ৰান্ত চিকিৎসক-কৰ্মচাৰীৰ অধিকাংশই চিকিৎসাৰ বাবে ব্যক্তিগত চিকিৎসালয়লৈ যায় । চৰকাৰী সূত্ৰ অনুসৰি মুখ্য চিকিৎসা বিষয়া মনোজ আগৰৱালাই বিষয়টোৰ তদন্তৰ নিৰ্দেশ দি গোচৰটোত খাদ্য বিষক্ৰিয়া ঘটাৰ কথা প্ৰকাশ কৰিছে । তেওঁ কয় যে, ঘটনা সন্দৰ্ভত অৱগত হোৱাৰ পিচতে বৃহস্পতিবাৰৰ গভীৰ নিশা চিকিৎসকৰ এটা দলক খাদ্যৰ নমুনা গ্ৰহণ কৰিবৰ বাবে হোটেলখনলৈ প্ৰেৰণ কৰা হয় ।