নেশ্য়নেল ডেস্ক, 14 ফেব্ৰুৱাৰী: উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে শনিবাৰে ৰাজ্যখনৰ যি সকল লোকৰ বিৰুদ্ধে লক ডাউনৰ সময়ত সংঘটিত হিংসাত্মক ঘটনাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছিল, সেইসমূহ প্ৰত্যাহাৰ কৰাৰ নিৰ্দেশ প্ৰদান কৰে ৷ ইয়াৰে একাংশই ভংগ কৰিছিল কোভিড প্ৰট’কল ৷ শনিবাৰে ৰাজ্য চৰকাৰে এক বিবৃতিযোগে এনে গোচৰ ৰুজুৰ ক্ষেত্ৰত সমগ্ৰ দেশৰ ভিতৰতে উত্তৰ প্ৰদেশ প্ৰথম হোৱা বুলি ব্যক্ত কৰে ৷ লক ডাউনৰ সময়ছোৱাত প্ৰায় 2.5 লাখতকৈও অধিক গোচৰ ৰুজু হয় ৰাজ্যখনত ৷
লক ডাউনত ৰুজু গোচৰ প্ৰত্যাহাৰৰ নিৰ্দেশ উত্তৰ প্ৰদেশ চৰকাৰৰ - উত্তৰ প্ৰদেশত COVID-19 প্ৰট'কল ভংগৰ গোচৰ প্ৰত্যাহাৰ কৰাৰ নিৰ্দেশ
উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে শনিবাৰে ৰাজ্যখনৰ যি সকল লোকৰ বিৰুদ্ধে লক ডাউনৰ সময়ত সংঘটিত হিংসাত্মক ঘটনাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছিল, সেইসমূহ প্ৰত্যাহাৰ কৰাৰ নিৰ্দেশ প্ৰদান কৰে ৷ ইয়াৰে একাংশই ভংগ কৰিছিল কোভিড প্ৰট’কল ৷
উল্লেখ্য যে, লক ডাউনৰ সময়ত চৰকাৰে জাৰি কৰা 188 ধাৰা উলংঘন কৰাৰ বাবে ৰুজু কৰা হৈছিল গোচৰ ৷ যাৰ বাবে সঘনাই লোকসকলৰ আহ-যাহ বৃদ্ধি হৈছিল আদালতলৈ ৷ সেয়ে এই গোচৰসমূহ প্ৰত্যাহাৰ কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ প্ৰেৰণ কৰিছে চৰকাৰে ৷ ইফালে, 28 জানুৱাৰীত ৰাজ্যখনৰ চৰকাৰে ৰাজ্যজুৰি ব্যৱসায়ীসকলৰ বিৰুদ্ধে লক ডাউনৰ সময়ত দাখিল কৰা গোচৰবোৰো প্ৰত্যাহাৰ কৰিবলৈ নিৰ্দেশনা জাৰি কৰিছে ৷ উত্তৰ প্ৰদেশৰ আইন মন্ত্ৰী ব্ৰিজেজ পাঠকে গোচৰসমূহৰ সকলো তথ্য সংগ্ৰহ কৰাৰ বাবে দায়িত্বত ন্যস্ত বিষয়াসকলক নিৰ্দেশ দিছে ৷
লগতে পঢ়ক:গাজিপুৰ সীমান্তত প্ৰতিবাদকাৰী কৃষকৰ কাষত মহাত্মা গান্ধীৰ নাতিনী