নেশ্যনেল ডেস্ক, 4 মাৰ্চ:উত্তৰ প্ৰদেশত উদ্ধাৰ 288 টা খাৰ বোমা (UP Police recovers crude bombs) ৷ শুকুৰবাৰে ক্ৰাইম ব্ৰাঞ্চ আৰু কানপুৰ আৰক্ষীয়ে লক্ষ্মীপুৰৱাত চলোৱা এক যৌথ অভিযানত অঞ্চলটোৰ এটা ঘৰৰ পৰা বৃহৎ পৰিমাণৰ বিস্ফোৰকখিনি উদ্ধাৰ কৰিবলৈ সক্ষম হয় (police recovered bombs in Kanpur) ৷ উত্তৰ প্ৰদেশৰ লক্ষ্মীপুৰৱাত এগৰাকী ২০ বছৰীয়া যুৱতীৰ ঘৰৰ পৰা উদ্ধাৰ কৰা হয় ২৮৮ টা খাৰুৱা বোমা (Crime Branch team recovered crude bombs ) । বৃহৎ পৰিমাণৰ এই খাৰুৱা বোমাখিনি জব্দ কৰাৰ লগে লগে এক বৃহৎ কূটাঘাটৰ পৰা ৰাজ্যখনক উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা বুলি আৰক্ষীয়ে উল্লেখ কৰে ৷
বিস্ফোৰক সামগ্ৰী উদ্ধাৰ কৰা ঘৰখনৰ যুৱতীগৰাকীক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে । বৃহস্পতিবাৰে ১৬ টা খাৰ বোমাৰ সৈতে গ্ৰেপ্তাৰ হোৱা এজন লোকৰ সৈতে ছোৱালীজনীৰ সম্পৰ্ক আছে বুলি আৰক্ষী সূত্ৰত প্ৰকাশ । ঘটনা সন্দৰ্ভত অধিক তথ্য লাভৰ বাবে আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত ।
এগৰাকী আৰক্ষী বিষয়াই জানিবলৈ দিয়া মতে, জিলা বদৰৰ নিবাসী বাসু সোণকাৰক বৃহস্পতিবাৰে ১৬ টা খাৰুৱা বোমাসহ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল (police recovered crude bombs in kanpur) । সোধা-পোছাৰ সময়ত সোণকাৰে দিয়া তথ্যৰ ভিত্তিত ক্ৰাইম ব্ৰাঞ্চৰ সৈতে আৰক্ষীয়ে লক্ষ্মীপুৰৱাত বাসুৰ প্ৰেমিকা ২০ বছৰীয়া টিনা গুপ্তাৰ ঘৰত অভিযান চলায় । অভিযানকাৰী আৰক্ষীৰ দলটোৱে টিনাৰ বাসগৃহৰ পৰা কমেও ২৮৮ টা বোমা উদ্ধাৰ কৰাৰ লগতে ২০ বছৰীয়া যুৱতীগৰাকীক গ্ৰেপ্তাৰ কৰে ।