নিউজ ডেস্ক, ১৯ জুলাই : ভাৰতীয় জনতা পাৰ্টীৰ নেতা তথা অধিবক্তা আশুতোষ ডুবেয়ে মঙলবাৰে ইউনাইটেড প্ৰগ্ৰেছিভ এলায়েন্সক (UPA) ইণ্ডিয়ান নেচনেল ডেভেলপমেণ্ট ইনক্লুছিভ এলায়েন্স (Indian National Developmental Inclusive Alliance, INDIA) হিচাপে পুনৰ নামকৰণৰ বিৰুদ্ধে ভাৰতৰ নিৰ্বাচন আয়োগলৈ এখন পত্ৰ লিখিছে । পত্ৰখনত তেওঁ কৈছে, "ক্ষমতা অৰ্জনৰ বাবে আমাৰ ৰাষ্ট্ৰৰ নাম কেৱল এক আহিলা হিচাপে ব্যৱহাৰ কৰা দেখা গৈছে ।"
উল্লেখ্য, মঙলবাৰে কৰ্ণাটকৰ বেংগালুৰুত ২৬ টা সমভাবাপন্ন দলৰ দুদিনীয়া বৈঠকৰ সামৰণি পৰে । তাত বিৰোধী দলসমূহে ইণ্ডিয়ান নেচনেল ডেভেলপমেণ্ট ইনক্লুছিভ এলায়েন্স বা ইণ্ডিয়া নামৰ এটা নামৰ ছাতিৰ তললৈ আহিবলৈ সকলোৱে সন্মত হয় । এই কথা মন কৰি বিজেপিৰ মহাৰাষ্ট্ৰৰ সামাজিক মাধ্যম-আইনী আৰু পৰামৰ্শদাতা বিভাগৰ মুৰব্বী ডুবেয়ে কয় যে ই কেৱল মৌলিকতাৰ অভাৱ প্ৰদৰ্শন কৰায়ে নহয়, লগতে ক্ষমতা অৰ্জনৰ বাবে আমাৰ ৰাষ্ট্ৰৰ নামক কেৱল এক আহিলা হিচাপে ব্যৱহাৰ কৰা দেখা গৈছে ।
মঙলবাৰে ভাৰতৰ নিৰ্বাচন আয়োগলৈ লিখা পত্ৰখনত অধিবক্তা ডুবেয়ে কয়, "২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে ইউপিএক ইণ্ডিয়া হিচাপে শেহতীয়াকৈ পুনৰ নামকৰণ কৰা সন্দৰ্ভত মই আপোনাৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ এই পত্ৰ লিখিছোঁ । এই কাৰ্যই ব্যাপক অসন্তুষ্টিৰ সৃষ্টি কৰিছে আৰু ইয়াক ৰাজনৈতিক আকাংক্ষাৰ বাবে আমাৰ দেশৰ নাম ব্যৱহাৰ কৰাৰ এক ইচ্ছাকৃত প্ৰয়াস হিচাপে গণ্য কৰা হয়, যিটো দেশ আৰু ইয়াৰ নাগৰিকসকলৰ প্ৰতি অসন্মান বুলি মই বিশ্বাস কৰোঁ ।"
"মই বুজি পাওঁ যে যদিও ৰাজনৈতিক দলবোৰৰ তেওঁলোকৰ নাম বাছনি কৰাৰ আৰু নিৰ্বাচনী সফলতাৰ বাবে তেওঁলোকৰ ৰণনীতি তৈয়াৰ কৰাৰ অধিকাৰ আছে, তথাপিও তেওঁলোকে আমাৰ দেশৰ মৰ্যাদা আৰু অখণ্ডতা হ্ৰাস নকৰাকৈ এনে কৰাটো অতি গুৰুত্বপূৰ্ণ । তেওঁলোকৰ ৰাজনৈতিক কাৰ্যসূচীক পোনপটীয়াকৈ আমাৰ দেশৰ নামৰ সৈতে সংযুক্ত কৰি, ইণ্ডিয়ান নেচনেল ডেমক্ৰেটিক ইনক্লুচিভ এলায়েন্সে (ইণ্ডিয়া) কেৱল মৌলিকতাৰ অভাৱ প্ৰদৰ্শন কৰাই নহয়, লগতে ক্ষমতা অৰ্জনৰ বাবে আমাৰ ৰাষ্ট্ৰৰ নামক কেৱল এক আহিলা হিচাপে ব্যৱহাৰ কৰা দেখা গৈছে ।" তেওঁ লগতে কয় ।