নেশ্যনেল ডেস্ক, 3 এপ্ৰিল:হাতী-মানুহৰ সংঘাতকে ধৰি বন্যপ্ৰাণীৰ সৈতে মানৱ সমাজৰ সংঘাত এক দীৰ্ঘদিনীয়া আলোচ্য বিষয় হিচাপে অভিহিত হৈ আহিছে ৷ এই বিশেষ সমস্যা সমাধানৰ বাবে ন ন উপায়েৰে বিভিন্ন সময়ত বিভিন্ন ধৰণৰ ব্যৱস্থা হাতত লৈ অহা হৈছে যদিও প্ৰায়সমূহ ব্যৱস্থাই বিফল হোৱা পৰিলক্ষিত হৈছে ৷ কেন্দ্ৰীয় চৰকাৰেও মানুহ আৰু বন্যপ্ৰাণীৰ সংঘাত ৰোধ কৰাৰ বাবে বিভিন্ন কাৰ্যপন্থা হাতত লৈ অহা দেখা যায় যদিও, ইয়াৰ প্ৰায়সমূহ অভিযানেই বিফল প্ৰমাণিত হৈছে ৷ এইক্ষেত্ৰত হাতী-মানুহৰ সংঘাত বিশেষভাৱে উল্লেখনীয় ৷ হাতী-মানুহৰ সংঘাতে প্ৰায়েই বাতৰিৰ শিৰোনাম দখল কৰাৰ সমান্তৰালকৈ হাতৰ আক্ৰমণত হোৱা মানুহৰ মৃত্যুৰ সংখ্যাও প্ৰতি বছৰে বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে ৷
বিভিন্ন সময়ত বন্য প্ৰাণীৰে সৈতে সহাৱস্থান এনে সংঘাত ৰোধ কৰাৰ ক্ষেত্ৰত সফল হিচাপে পৰিগণিত হৈ অহাৰ মাজতে হাতীৰ সৈতে কোনো ধৰণৰ সংঘাতত লিপ্ত নোহোৱাকৈ সকলো সমস্যা সমাধানৰ বাবে এটি ক্ষুদ্ৰ জীৱক ব্যৱহাৰ কৰাৰ এক কৌশল হাতত লোৱা হৈছে ৷ উক্ত কৌশল অনুসৰি, মৌ-মাখিক এই বৃহৎ জন্তুবিধৰ শত্ৰু হিচাপে ব্যৱহাৰ কৰাৰ কৌশল হাতত লোৱা হৈছে ৷ জানিব পৰা মতে, ভাৰতত পোন প্ৰথমবাৰৰ বাবে কড়াগো জিলাৰ নানচি গাঁও আৰু কেডামল্লুৰ গাঁৱত এই প্ৰকল্প হাতত লোৱা হৈছে ৷