ইণ্টাৰনেশ্যনেল ডেস্ক,৩ আগষ্ট :ভাৰত আৰু পাকিস্তানৰ মাজৰ সংঘাত দীৰ্ঘদিনীয়া ! কিন্তু বিভিন্ন সময়ত বিশ্বৰ আন দেশবোৰে দুয়োখন দেশৰ মাজত শান্তি প্ৰতিষ্ঠা হোৱাটো বিচৰা দেখা যায় । আমেৰিকা যুক্তৰাষ্ট্ৰইও ভাৰত আৰু পাকিস্তানৰ মাজত পোনপটীয়া আলোচনাক সমৰ্থন কৰে । বুধবাৰে আমেৰিকাৰ ৰাজ্যিক বিভাগৰ মুখপাত্ৰ মেথিউ মিলাৰে কয়, "আমি দীৰ্ঘদিন ধৰি কোৱাৰ দৰে, উদ্বেগৰ বিষয়ত ভাৰত আৰু পাকিস্তানৰ মাজত পোনপটীয়া আলোচনাক আমি সমৰ্থন জনাইছো । আমাৰ এই স্থিতি দীৰ্ঘদিনীয়া ।"
উল্লেখ্য যে, পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফে কৈছে যে যদি ভাৰতে গুৰুতৰ বিষয়বোৰ সমাধান কৰিবলৈ ইচ্ছুক হয় তেন্তে পাকিস্তান দ্বিপাক্ষিক সমস্যাৰ ওপৰত ভাৰতৰ সৈতে কথা পাতিবলৈ সাজু । এই সন্দৰ্ভত কৰা এক প্ৰশ্নৰ উত্তৰত মেথিউ মিলাৰে সংবাদ মাধ্যমৰ সন্মুখত আমেৰিকাৰ স্থিতি স্পষ্ট কৰে ।
I2U2 অৰ্থনৈতিক মঞ্চ আৰু সন্মিলনৰ ফলাফলৰ অগ্ৰগতি সন্দৰ্ভত মিলাৰে কয় যে সেই দিশত কাম অব্যাহত আছে । আণ্ডাৰ চেক্ৰেটেৰীয়ে এই সন্দৰ্ভত বিভিন্ন সময়ত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আৰু ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা জেক ছুলিভানেও এই সন্দৰ্ভত মন্তব্য কৰিছে । মিলাৰে কয় যে তেওঁলোক নিশ্চিত হৈ আছে আৰু অব্ৰাহাম চুক্তি গভীৰ কৰিবলৈ আৰু I2U2ৰ দৰে নতুন মিত্ৰজোঁট গঠন কৰিবলৈ আমেৰিকা প্ৰতিশ্ৰুতিবদ্ধ ।