অসম

assam

ETV Bharat / bharat

India China Conflict: ভাৰতৰ অবিচ্ছেদ্য অংগ অৰুণাচল প্ৰদেশ: আমেৰিকা - China renaming 11 places in Arunachal Pradesh

অৰুণাচল প্ৰদেশক ভাৰতৰ অবিচ্ছেদ্য অংগ হিচাবে স্বীকৃতি আমেৰিকাৰ ৷ অঞ্চলসমূহৰ নাম সলনি কৰি সেই ভূখণ্ড নিজৰ বুলি দাবী কৰাৰ যিকোনো একপক্ষীয় প্ৰচেষ্টাৰ তীব্ৰ বিৰোধিতা কৰিছে বুলি হোৱাইট হাউছে প্ৰকাশ কৰিছে ৷ ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ অৰিন্দম বাগচিয়ে কয় যে, অৰুণাচল প্ৰদেশ ভাৰতৰ এক অবিচ্ছেদ্য অংগ হৈ আছে, হৈ আহিছে আৰু থাকিব (India China Border Dispute) ৷

India China Border Dispute
অৰুণাচল প্ৰদেশক ভাৰতৰ অবিচ্ছেদ্য অংগ হিচাপে স্বীকৃতি আমেৰিকাৰ

By

Published : Apr 5, 2023, 11:34 AM IST

Updated : Apr 5, 2023, 11:59 AM IST

নিউজ ডেস্ক, 5 এপ্ৰিল: পুনৰ অৰুণাচল প্ৰদেশৰ ওপৰত শেনচকু ৰঙা চীনৰ ৷ ভাৰতৰ অংগৰাজ্য অৰুণাচল প্ৰদেশৰ 11 টা স্থানক নিজৰ বুলি দাবী কৰি নিজা নামকৰণ চীনৰ (China renaming 11 places in Arunachal Pradesh) ৷

ইয়াৰ পাচতেই আমেৰিকাই অৰুণাচল প্ৰদেশক ভাৰতৰ অবিচ্ছেদ্য অংগ হিচাবে স্বীকৃতি দিছে আৰু অঞ্চলসমূহৰ নাম সলনি কৰি সেই ভূখণ্ড নিজৰ বুলি দাবী কৰাৰ যিকোনো একপক্ষীয় প্ৰচেষ্টাৰ তীব্ৰ বিৰোধিতা কৰিছে বুলি হোৱাইট হাউছে প্ৰকাশ কৰিছে ৷ অৰুণাচল প্ৰদেশৰ 11 টা স্থান, যাক চুবুৰীয়া দেশখনে তিব্বতৰ দক্ষিণ অংশ বুলি দাবী কৰে আৰু এই স্থানকেইটা বেইজিঙে নিজৰ বুলি ঘোষণা কৰি নামকৰণ কৰাৰ পাচতেই ইয়াৰ উত্তৰত এনেদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে আমেৰিকাই ৷ চীনৰ অসামৰিক পৰিক্ৰমা মন্ত্ৰালয়ে দেওবাৰে এই 11 খন স্থানৰ চৰকাৰী নামসমূহ প্ৰকাশ কৰিছিল ৷ "আমেৰিকা যুক্তৰাষ্ট্ৰই দীৰ্ঘদিন ধৰি অৰুণাচল প্ৰদেশক ভাৰতৰ এক অবিচ্ছেদ্য অংশ হিচাবে স্বীকৃতি দি আহিছে আৰু আমি অঞ্চলসমূহৰ নাম সলনি কৰি ভূখণ্ড দাবী কৰাৰ যিকোনো একপক্ষীয় প্ৰচেষ্টাৰ তীব্ৰ বিৰোধিতা কৰোঁ ৷" হোৱাইট হাউচৰ প্ৰেছ সচিব কাৰিন জিন-পিয়েৰে মঙলবাৰে এনেদৰে কয় (China aggression in Arunachal Pradesh) ৷

জিন-পিয়েৰে তেওঁৰ দৈনিক সংবাদ সন্মিলনত সাংবাদিকসকলক কয়, "আৰু সেয়েহে, আকৌ, এইয়া এনেকুৱা এটা বিষয় যাৰ সৈতে আমি দীৰ্ঘদিন ধৰি থিয় দি আহিছো ৷" ভাৰতে মঙলবাৰে চীনে অৰুণাচল প্ৰদেশৰ কিছুমান ঠাইৰ নাম সলনি কৰাৰ কথা সম্পূৰ্ণৰূপে প্ৰত্যাখ্যান কৰে আৰু দাবী কৰে যে অৰুণাচল প্ৰদেশ ভাৰতৰ অবিচ্ছেদ্য অংগ আৰু উদ্ভাৱন কৰা নাম নিৰ্ধাৰণ কৰিলেই এই বাস্তৱতাৰ কোনো পৰিৱৰ্তন নহয় (India China Border Dispute) ৷’’

আমি এনে খবৰ দেখিছোঁ ৷ চীনৰ এই প্ৰচেষ্টা প্ৰথম নহয় ৷ চীনৰ এই কথা আমি সম্পূৰ্ণৰূপে নাকচ কৰিছো বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ অৰিন্দম বাগচিয়ে কয় ৷ অৰুণাচল প্ৰদেশ ভাৰতৰ এক অবিচ্ছেদ্য অংগ হৈ আছে, হৈ আহিছে, আৰু থাকিব ৷ উদ্ভাৱিত নাম নিৰ্ধাৰণৰ প্ৰচেষ্টাই এই বাস্তৱতাক কেতিয়াও সলনি নকৰে বুলিও তেওঁ কয় ৷ চীনৰ অসামৰিক পৰিক্ৰমা মন্ত্ৰালয়ে জাৰি কৰা অৰুণাচল প্ৰদেশৰ ভৌগোলিক নামৰ এইয়া তৃতীয়টো গোট আছিল ৷ অৰুণাচল প্ৰদেশৰ ছয়টা স্থানৰ নামৰ প্ৰথম গোট ২০১৭ চনত মুকলি কৰা হৈছিল আৰু ১৫ টা স্থানৰ দ্বিতীয় গোট ২০২১ চনত জাৰী কৰা হৈছিল ৷ চীনে অৰুণাচল প্ৰদেশৰ ঠাইসমূহৰ নাম সলনি কৰাটো ২০২০ চনৰ মে' মাহত আৰম্ভ হোৱা পূব লাডাখ সীমান্ত অচলাৱস্থাৰ মাজত আহিছিল ৷ এই অচলাৱস্থাৰ পাচত, ভাৰতে অৰুণাচল প্ৰদেশ খণ্ডতো প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ (LAC) কাষেৰে ইয়াৰ সামগ্ৰিক সামৰিক প্ৰস্তুতি শক্তিশালী কৰে ৷

বিস্তৃত কূটনৈতিক আৰু সামৰিক আলোচনাৰ অন্তত দুয়োপক্ষই কেইবাটাও অঞ্চলৰ পৰা সৈন্য প্ৰত্যাহাৰ সম্পূৰ্ণ কৰাৰ সময়তো পূব লাডাখৰ কিছুমান স্থানত প্ৰায় তিনি বছৰ ধৰি চলি থকা সংঘৰ্ষত আবদ্ধ হৈ আছে ভাৰত আৰু চীনৰ সৈন্য ৷ ভাৰতে কৈছে যে সীমান্ত অঞ্চলত শান্তি নাথাকিলে চীনৰ সৈতে সম্পৰ্ক স্বাভাৱিক হ’ব নোৱাৰে ৷

উল্লেখযোগ্য যে, অৰুণাচল সীমান্তত চীন-ভাৰত সংঘাতে বিভিন্ন সময়ত গুৰুতৰ ৰূপ ধাৰণ কৰি আহিছে । বিশেষকৈ অৰুণাচলৰ ভাৰত-চীন সীমান্তত চীনা বাহিনীৰ আগ্ৰাসন, অবৈধভাৱে ভাৰতৰ ভূমিত প্ৰৱেশ কৰি নিৰ্মাণকাৰ্য চলোৱা, গাঁও নিৰ্মাণ আদি উপগ্ৰহীয় চিত্ৰত ইতিমধ্যে পোহৰলৈ আহিছে ৷ লগতে শেহতীয়াকৈ দুয়োখন দেশৰ সৈন্যই মুখামুখি সংঘৰ্ষত লিপ্ত হোৱাৰ ঘটনাও সংঘচিত হৈছে ৷ তেনে এক স্পৰ্শকাতৰ সময়তে তৃতীয়বাৰৰ বাবে চীনে অৰুণাচলৰ ১১ খনকৈ স্থান নিজৰ নামত নামকৰণ কৰাক লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

লগতে পঢ়ক:Donald Trump arrested: পৰ্ণ তাৰকাৰে ধনৰ লেনদেন; আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পক গ্ৰেপ্তাৰ

Last Updated : Apr 5, 2023, 11:59 AM IST

ABOUT THE AUTHOR

...view details