নেশ্যনেল ডেস্ক,১ ছেপ্টেম্বৰ :ভাৰতে সভাপতিত্ব কৰা জি-২০ বৈঠকৰ দিল্লীৰ অনুষ্ঠানৰ বাবে মাজত মাত্ৰ কেইটামান দিন বাকী । চৰকাৰে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে । ইফালে এই বৈঠকলৈ কোনো কোনো বিদেশী নেতা আহিব তাক লৈও বিভিন্ন জল্পনা কল্পনা চলি আছে । আমেৰিকাৰ ৰাষ্ট্ৰপতি জ' বাইডেনে বৃহস্পতিবাৰে আশা প্ৰকাশ কৰি কয় যে চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙে নতুন দিল্লীত জি-২০ বৈঠকত অংশগ্ৰহণ কৰিব ।
ইফালে নতুন দিল্লীত অনুষ্ঠিত হ'বলগীয়া জি-২০ সন্মিলনত বিডেনৰ লগতে দুই ডজনৰো অধিক বিশ্বৰ শীৰ্ষ নেতা উপস্থিত থাকিব । অৱশ্যে শেহতীয়া সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন আৰু চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিং সন্মিলনত উপস্থিত থকাৰ সম্ভাৱনা নাই ।
অৱশ্যে আমেৰিকাৰ ৰাষ্ট্ৰপতি আশাবাদী যে ঝি জিনপিঙেও বৈঠকত উপস্থিত থাকিব । ইফালে, এছিয়া চছাইটি পলিচী ইনষ্টিটিউটৰ (এএছপিআই) দক্ষিণ এছিয়া উদ্যোগৰ সঞ্চালক ফাৰৱা আমেৰে কয় যে ভাৰতত অনুষ্ঠিত জি-২০ বৈঠক ৰাষ্ট্ৰপতি ঝি জিনপিঙে বাদ দিলে প্ৰমাণিত হ'ব যে চীনে এই মুহূৰ্তত ভাৰতক নেতৃত্বৰ পৰ্যায়ত চাব নিবিচাৰে ।
চীনৰ ৰাষ্ট্ৰপতিয়ে ভাৰতৰ জি-২০ বৈঠকত উপস্থিত থকা নথকাক লৈ জল্পনা কল্পনা চলি থকাৰ মাজতে বহুতে সন্দেহ কৰা মতে ইয়াৰ বিভিন্ন প্ৰভাৱো পৰিব । প্ৰথমতে অনুমান কৰিব পাৰি যে, চীনে ভাৰতক নেতৃত্বৰ পৰ্যায়ত চাব নিবিচাৰে । ই চীনৰ প্ৰভাৱশালী ভূমিকা আৰু প্ৰভাৱ বজাই ৰখাৰ অভিপ্ৰায়ক সূচায় । ফাৰৱা আমেৰে কয় যে, অঞ্চলটোত শক্তিৰ সূক্ষ্ম ভাৰসাম্যক পোনপটীয়াকৈ প্ৰভাৱিত কৰে ।