ইণ্টাৰনেশ্যনেল ডেস্ক, ৭ ছেপ্টেম্বৰ :ভাৰত ভ্ৰমণ কৰিবলৈ সাজু হৈছে আমেৰিকাৰ ৰাষ্ট্ৰপতি জ' বাইডেন । নতুন দিল্লীত অনুষ্ঠিত হ'বলগীয়া জি-২০ বৈঠকত উপস্থিত থাকিব ৰাষ্ট্ৰপতিগৰাকী । হোৱাইট হাউচে ইতিমধ্যে তেওঁৰ উপস্থিতিৰ কথা নিশ্চিত কৰিছে । হোৱাইট হাউচৰ মতে বৈঠকত উপস্থিত থাকি গুৰুত্বপূৰ্ণ পদক্ষেপসমূহৰ বিষয়ে আলোচনা কৰিবলৈ তেওঁ অতি উৎসাহিত হৈ আছে । ইফালে বাইডেনে জি-২০ বৈঠকৰ বাবে ভাৰত ভ্ৰমণৰ সময়ত ৰোগ নিয়ন্ত্ৰণ আৰু প্ৰতিৰোধ কেন্দ্ৰৰ (চিডিচি) ক'ভিড-১৯ নিৰ্দেশনাও অনুসৰণ কৰিব ।
কিয়নো শেহতীয়াকৈ ফাৰ্ষ্ট লেডী ৭২ বছৰীয়া জিল বাইডেন ক'ভিডত আক্ৰান্ত হৈছিল । অৱশ্যে ক'ভিড পৰীক্ষাত জ' বাইডেনক নিগেটিভ পোৱা গৈছে । হোৱাইট হাউচে কোৱা মতে ৰাষ্ট্ৰপতিগৰাকীয়ে দুবাৰকৈ পৰীক্ষা কৰিছে য'ত তেওঁক নিগেটিভ পোৱা গৈছে । যাৰ বাবে তেওঁৰ ভাৰত ভ্ৰমণৰ পৰিকল্পনাত কোনো পৰিৱৰ্তন হোৱা নাই বুলি উল্লেখ কৰা হৈছে ।
শুকুৰবাৰে সন্ধিয়া নতুন দিল্লীত উপস্থিত হোৱাৰ পাছত ৰাষ্ট্ৰপতি বাইডেনে নিশা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হ'ব । ইফালে জি-২০ বৈঠকৰ সময়ত আৰু মোডী আৰু বিশ্বৰ অন্যান্য নেতাসকলৰ সৈতে তেওঁৰ বৈঠক আৰু বাৰ্তালাপত চিডিচিৰ দ্বাৰা নিৰ্ধাৰণ কৰা ক'ভিড-১৯ প্ৰটোকলৰ দ্বাৰা পৰিচালিত হ'ব ।