অসম

assam

ETV Bharat / bharat

US Finance Secretary praised India : ভাৰতক প্ৰশংসা আমেৰিকাৰ বিত্ত সচিবৰ

গুজৰাটৰ ৰাজধানী গান্ধীনগৰত চলি আছে জি-২০ বৈঠক । বৈঠকত অংশগ্ৰহণ কৰি ভাৰতৰ সভাপতিত্বক প্ৰশংসা কৰে আমেৰিকাৰ বিত্ত সচিব জেনেট য়েলেনে । দুয়োখন দেশৰ বাণিজ্যিক সম্পৰ্ক সন্দৰ্ভতো গুৰুত্বপূৰ্ণ মন্তব্য কৰে সচিবগৰাকীয়ে ।

US Finance Secretary praised India
ভাৰতক প্ৰশংসা আমেৰিকাৰ বিত্ত সচিবৰ

By

Published : Jul 17, 2023, 5:11 PM IST

নেশ্যনেল ডেস্ক,১৭ জুলাই : আমেৰিকা আৰু ভাৰতৰ দ্বিপাক্ষিক সম্পৰ্কক লৈ গুৰুত্বপূৰ্ণ মন্তব্য বিদেশী ৰাষ্ট্ৰখনৰ বিত্ত সচিব জেনেট য়েলেনৰ । বিশ্বৰ ভিতৰতে দুয়োখন দেশৰ সম্পৰ্ক অতি গুৰুত্বপূৰ্ণ বুলি মন্তব্য কৰে বিত্ত সচিবগৰাকীয়ে । জি-২০ৰ ভাৰতৰ সভাপতিত্বকো প্ৰশংসা কৰে আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিত্ত সচিব জেনেট য়েলেনে ।

বিত্ত সচিবগৰাকীয়ে কয় যে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ভাৰত বিশ্বৰ ভিতৰতে নিকটতম অংশীদাৰসকলৰ ভিতৰত অন্যতম । তেওঁ লগতে কয় যে দুয়োখন দেশৰ মাজত দ্বিপাক্ষিক বাণিজ্য যোৱা বছৰ সৰ্বকালৰ সৰ্বোচ্চ স্তৰত উপনীত হৈছিল আৰু তেওঁ নিশ্চিত যে অনাগত বছৰবোৰতো ই আৰু অধিক বৃদ্ধি পাব । গুজৰাটৰ ৰাজধানী গান্ধীনগৰত চলি থকা জি-২০ বৈঠকৰ অংশ হিচাপে ভাৰত-আমেৰিকা যুক্তৰাষ্ট্ৰৰ আলোচনাৰ পূৰ্বে সোমবাৰে য়েলেন আৰু কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে যুটীয়াভাৱে সংবাদ মাধ্যমক সম্বোধন কৰে ।

বিত্ত সচিব য়েলেনে কয় যে জলবায়ু পৰিৱৰ্তন আৰু মহামাৰীৰ দৰে গুৰুত্বপূৰ্ণ প্ৰত্যাহ্বানৰ মাজত বিশ্বই প্ৰগতিৰ বাবে জি-২০ লৈ বাট চাই আছে। যাতে বৈঠকসমূহত এই ক্ষেত্ৰত গুৰুত্বপূৰ্ণ দৃঢ় পদক্ষেপ ল'ব পাৰি তাৰ প্ৰতিও লক্ষ্য ৰাখিব । জি-২০ ৰ সভাপতি হিচাপে ঋণৰ বিষয়ত ভাৰতৰ নেতৃত্বই গ্ৰহণ কৰা স্থিতিক য়েলেনে প্ৰশংসা কৰে । ইয়াত বহুপাক্ষিক ঋণ পুনৰ্গঠন প্ৰক্ৰিয়াৰ সংস্কাৰৰ বাবে জি-২০ৰ প্ৰচেষ্টাৰ প্ৰতি আমেৰিকাৰ সমৰ্থন আছে ।

য়েলেনে কয় যে বিশ্ব বেংকৰ নেতৃত্বৰ বাবে অজয় বাঙ্গাৰ প্ৰাৰ্থিত্বক সমৰ্থন কৰি আমেৰিকা গৌৰৱান্বিত । আমেৰিকাই বিশ্বাস কৰে যে তেওঁ এই গুৰুত্বপূৰ্ণ সংস্কাৰসমূহ সম্পাদন কৰিবলৈ সঠিক নেতৃত্ব প্ৰদান কৰিছে ।

ভাৰতৰ বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ যোৱা মাহৰ আমেৰিকা ভ্ৰমণ আৰু ৰাষ্ট্ৰপতিৰ সৈতে তেওঁৰ বৈঠকে দুয়োখন দেশৰ মাজত অংশীদাৰিত্ব অধিক শক্তিশালী কৰিছে । সীতাৰমণে বিবৃতিটোত কয় যে সেই ঐতিহাসিক ভ্ৰমণে সহযোগিতাৰ নতুন পথো মুকলি কৰিছে ।

লগতে পঢ়ক :Opposition slams BJP : 'হতাশগ্ৰস্ত বিজেপিয়ে বিৰোধীক ধ্বংস কৰিব বিচাৰিছে'

ABOUT THE AUTHOR

...view details