অসম

assam

ETV Bharat / bharat

India Canada relation : ফাইভ আইজৰ তথ্যৰ ভিত্তিত ভাৰতৰ বিৰুদ্ধে বিবৃতি দিছিল কানাডাৰ প্ৰধানমন্ত্ৰীয়ে - Canada PM

ভাৰত আৰু কানাডাৰ মাজত অচলাৱস্থা অব্যাহত থকাৰ মাজতে কানাডাত আমেৰিকাৰ ৰাষ্ট্ৰদূতৰ গুৰুত্বপূৰ্ণ মন্তব্য । ফাইভ আইজ অংশীদাৰসকলৰ মাজত চোৰাংচোৱাৰ বিশেষ তথ্য শ্বেয়াৰ হৈছিল । তাৰ আধাৰতে খালিস্তানী নেতাৰ হত্যাত ভাৰত জড়িত আছিল বুলি কানাডাৰ প্ৰধানমন্ত্ৰীয়ে অভিযোগ কৰিছে ।

India Canada relation
ফাইভ আইজৰ তথ্যৰ ভিত্তিত ভাৰতৰ বিৰুদ্ধে বিবৃতি দিছিল কানাডাৰ প্ৰধানমন্ত্ৰীয়ে

By ETV Bharat Assamese Team

Published : Sep 24, 2023, 11:32 AM IST

নেশ্যনেল ডেস্ক,২৪ ছেপ্টেম্বৰ :ভাৰতৰ বিৰুদ্ধে কানাডাৰ প্ৰধানমন্ত্ৰীৰ গুৰুতৰ অভিযোগ সন্দৰ্ভত আমেৰিকা যুক্তৰাষ্ট্ৰৰ এগৰাকী জ্যেষ্ঠ কূটনীতিবিদে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । ফাইভ আইজ অংশীদাৰৰ মাজত শ্বেয়াৰ হোৱা চোৰাংচোৱাৰ তথ্যৰ ভিত্তিতে কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডোৱে ভাৰতৰ বিৰুদ্ধে গুৰুতৰ অভিযোগটো কৰিছিল ।

কানাডাৰ এক সংবাদমাধ্যমে আমেৰিকাৰ ৰাষ্ট্ৰদূত ডেভিদ কোহেনৰ উদ্ধৃতি দি কয় যে, ফাইভ আইজৰ অংশীদাৰসকলৰ মাজত শ্বেয়াৰ কৰা চোৰাংচোৱা তথ্য আছিল । যাৰ আধাৰত কানাডিয়ান নাগৰিকৰ হত্যাত ভাৰতৰ সম্ভাৱ্য সম্পৰ্কৰ ৰাজহুৱা অভিযোগ কৰা হৈছিল ।

ফাইভ আইজ নেটৱৰ্ক হৈছে আমেৰিকা, ব্ৰিটেইন, অষ্ট্ৰেলিয়া, কানাডা আৰু নিউজিলেণ্ডক লৈ গঠিত এক চোৰাংচোৱা মিত্ৰতা । ট্ৰুডোৱে ১৮ ছেপ্টেম্বৰত ব্ৰিটিছ কলম্বিয়াৰ চাৰেত খালিস্তানী নেতা হৰদীপ সিং নিজ্জাৰৰ হত্যাত ভাৰতীয় এজেণ্টৰ সম্ভাৱ্য জড়িত থকাৰ এক বিস্ফোৰক অভিযোগ উত্থাপন কৰিছিল ।

অৱশ্যে ভাৰতে ট্ৰুডোৰ এই অভিযোগক অযৌক্তিক বুলি প্ৰত্যাখ্যান কৰিছে । ইয়াক লৈ দুয়োখন দেশৰ কূটনৈতিক সম্পৰ্কও অৱনতি হোৱা দেখা গৈছে । প্ৰথনে কানাডাই এগৰাকী ভাৰতীয় কূটনীতিবিদক বহিষ্কাৰ কৰিছিল আৰু তাৰ প্ৰত্যুত্তৰত ভাৰতেও কানাডিয়ান কূটনীতিবিদক বহিষ্কাৰ কৰিছিল ।

উল্লেখ্য যে, কানাডাৰ এক সংবাদ মাধ্যমে আমেৰিকাৰ ৰাষ্ট্ৰদূত ডেভিদ কোহেনৰ উদ্ধৃতি দি কয় যে, তেওঁ নিশ্চিত কৰিছে যে ফাইভ আইজ অংশীদাৰসকলৰ মাজত শ্বেয়াৰ হোৱা চোৰাংচোৱাৰ তথ্যৰ ভিত্তিতে কানাডাৰ প্ৰধানমন্ত্ৰীয়ে বিবৃতি দিছিল । কানাডা পৰা ভাৰতত কূটনীতিবিদক বহিষ্কাৰ কৰাৰ পৰা আৰম্ভ কৰি ভাৰতে কানাডিয়ানসকলৰ বাবে ভিছা সেৱা স্থগিত ৰখালৈকে এই সমগ্ৰ পৰিস্থিতিৰ কেন্দ্ৰত চোৰাংচোৱা আছে বুলিও প্ৰতিবেদনত কোৱা হৈছে । অৱশ্যে কোহেনে কানাডিয়ান চৰকাৰৰ তদন্তৰ বিষয়ে অৱগত কৰা চোৰাংচোৱা সম্পৰ্কে কোনো ধৰণৰ স্পষ্ট মন্তব্য দিয়া নাই ।

সংবাদ মাধ্যমৰ প্ৰতিবেদনত কোৱা হৈছে যে, কানাডিয়ান ব্ৰডকাষ্টিং কৰ্পোৰেচন (চিবিচি) আৰু এছ'চিয়েটেড প্ৰেছৰ পৰা বাতৰি আহিছিল যে, ট্ৰুডোৱে কোৱা চোৰাংচোৱা তথ্য কেৱল কানাডাৰ পৰা অহা নাছিল আৰু চোৰাংচোৱা আদান-প্ৰদান মিত্ৰজোঁটৰ এগৰাকী অনিৰ্দিষ্ট সদস্যই অতিৰিক্ত তথ্য প্ৰদান কৰিছিল ।

লগতে পঢ়ক:Diplomatic row between India and Canada : কানাডাৰ প্ৰধানমন্ত্ৰীৰ সমৰ্থনত সমদল, আঁৰত আইএছআই জড়িত থকাৰ সন্দেহ

ABOUT THE AUTHOR

...view details