নিউজ ডেস্ক, ৮ ছেপ্টেম্বৰ : নতুন দিল্লীত থকা আমেৰিকা যুক্তৰাষ্ট্ৰৰ দূতাবাস আৰু চেন্নাই, হায়দৰাবাদ, কলকাতা আৰু মুম্বাইৰ চাৰিটা কনচুলেটে মে' মাহৰ পৰা আগষ্টলৈকে ছাত্ৰ ভিছা আবেদনৰ প্ৰক্ৰিয়াক অগ্ৰাধিকাৰ দিছে যাতে যিমান সম্ভৱ সিমান সোনকালে যোগ্য শিক্ষাৰ্থীয়ে নিৰ্ধাৰিত তাৰিখত সময়মতে তেওঁলোকৰ অধ্যয়ন কাৰ্যসূচীত অংশগ্ৰহণ কৰিব পাৰে (US Embassy processing student visa applications) ।
চাৰ্জ ডি'এফেয়াৰ্ছ পেট্ৰিচিয়া লেচিনাই ভাৰতৰ সাফল্যত আমেৰিকা যুক্তৰাষ্ট্ৰৰ মিছনক (US Mission in achievement of India) প্ৰশংসা কৰি মন্তব্য কৰে, "কোভিড-১৯ মহামাৰীৰ (COVID 19 pandemic) দ্বাৰা বিগত বছৰবোৰত হোৱা বিলম্বৰ পিছত বহুতো শিক্ষাৰ্থীয়ে ভিছা লাভ কৰিবলৈ আৰু তেওঁলোকৰ বিশ্ববিদ্যালয়ত উপস্থিত হ'বলৈ সক্ষম হোৱা দেখি আমি সুখী ।
আমি কেৱল এই গ্ৰীষ্মকালত 82,000 ৰো অধিক শিক্ষাৰ্থীক ভিছা জাৰি কৰিছিলোঁ, যিটো পূৰ্বৰ বছৰতকৈ অধিক । ইয়ে প্ৰদৰ্শন কৰে যে আমেৰিকা যুক্তৰাষ্ট্ৰ বেছিভাগ ভাৰতীয় পৰিয়ালৰ বাবে উচ্চ শিক্ষাৰ বাবে আটাইতকৈ বেছি নিৰ্বাচিত দেশ হৈ আছে । ই লগতে ভাৰতীয় শিক্ষাৰ্থীসকলে আমাৰ দুয়োখন দেশলৈ আগবঢ়োৱা গুৰুত্বপূৰ্ণ অৱদানৰ ওপৰতো আলোকপাত কৰে । কিয়নো তেওঁলোকে আন্তঃৰাষ্ট্ৰীয় অংশীদাৰিত্ব বজাই ৰাখিবলৈ আৰু বৃদ্ধি কৰিবলৈ আমেৰিকান সহকৰ্মীসকলৰ সৈতে জীৱনজোৰা সম্পৰ্ক গঢ়ি তোলে, বৰ্তমান আৰু ভৱিষ্যতৰ গোলকীয় প্ৰত্যাহ্বানৰ মোকাবিলা কৰিবলৈ সামূহিকভাৱে কাম কৰে ।"