নেশ্যনেল ডেস্ক,৩০ মাৰ্চ :ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজত হ'ব বিশেষ ২+২ বৈঠক । ১১ এপ্ৰিলত ৱাশ্বিংটনত অনুষ্ঠিত হ'ব এই বৈঠক (Special meeting between India and US)। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আমেৰিকাৰ বিদেশ সচিব এণ্টনি ব্লিংকেন আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিৰক্ষা সচিব লয়ড অষ্টিনক সাক্ষাৎ কৰিব । ভাৰতীয় মন্ত্ৰী কেইগৰাকীয়ে আন বৈঠকতো মিলিত হ'ব ।
এই বৈঠকৰ পূৰ্বে ৩০-৩১ মাৰ্চৰ ভিতৰত ভাৰতলৈ আহিব আমেৰিকা যুক্তৰাষ্ট্ৰৰ আন্তঃৰাষ্ট্ৰীয় অৰ্থনীতিৰ উপ-ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা দালিপ সিং (US deputy NSA to visit India)। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰীয় সুৰক্ষা পৰিষদৰ মুখপাত্ৰ এমিলি হৰ্নে এক বিবৃতিযোগে কয় যে ভাৰত চৰকাৰৰ সৈতে চলিত আলোচনা অব্যাহত ৰাখিবলৈ আৰু আমেৰিকা-ভাৰত অৰ্থনৈতিক সম্পৰ্ক আৰু কৌশলগত অংশীদাৰিত্বৰ বিভিন্ন বিষয় আগবঢ়াবলৈ নতুন দিল্লীত উপস্থিত হ'ব উপ-ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা দালিপ সিং (Deputy NSA for International Economics Daleep Singh)।