নেশ্যনেল ডেস্ক, ১৪ ছেপ্টেম্বৰ :যোৱা জানুৱাৰীত আমেৰিকা যুক্তৰাষ্ট্ৰত এক শোকাৱহ দুৰ্ঘটনা সংঘটিত হৈছিল । আমেৰিকাৰ এখন আৰক্ষীৰ দ্ৰুতবেগী বাহনৰ খুন্দাত এগৰাকী ভাৰতীয় ছাত্ৰীৰ মৃত্যু হৈছিল । এইবাৰ ভাৰতে সেই ঘটনাৰ কঠোৰ তদন্তৰ দাবী জনাইছে ।
এক শক্তিশালী বাৰ্তাত ভাৰতে বডীকেম ফুটেজৰ এক বিস্তৃত তদন্তৰ আহ্বান জনাইছে । ঘটনাটোৰ বিৱৰণ অনুসৰি আৰক্ষী বিষয়া কেভিন ডেভে প্ৰায় ১২০ কিলোমিটাৰ প্ৰতি ঘণ্টাত বাহন চলাইছিল । সেই সময়ত জাহ্নৱী কান্দুলাক বাহনখনে খুন্দিয়াইছিল । যাৰ ফলত তেওঁৰ মৃত্যু হয় । চিয়েটল আৰক্ষী বিভাগে মুকলি কৰা এটা ভিডিঅ'ত আন এগৰাকী বিষয়া চিয়েটল পুলিচ অফিচাৰ্ছ গিল্ডৰ বিষয়া ডেনিয়েল অডেৰক দুৰ্ঘটনাটোৰ বিষয়ে নিষ্ঠুৰতাৰে ঠাট্টা কৰা দেখা গৈছিল ।
চিয়েটলৰ নৰ্থ ইষ্টাৰ্ণ ইউনিভাৰ্চিটিত স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰি থকা জাহ্নৱী কান্দুলাই এই শোকাৱহ ঘটনাটোত মৃত্যু হয় । ভিডিঅ'টোত দেখা অদ্ভূত দৃশ্যবোৰে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত খলকনিৰ সৃষ্টি কৰিছে । বিশেষকৈ ভাৰতত এই ঘটনাই তীব্ৰ উদ্বেগৰ সৃষ্টি কৰিছে ।