নেশ্যনেল ডেস্ক, 4 মে’: উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথক কোনো অচিনাক্ত দুৰ্বৃত্তই বিগত ২৯ এপ্ৰিলত এটা হোৱাটছএপ বাৰ্তা যোগে প্ৰেৰণ কৰিছিল হত্যাৰ ভাবুকি ৷ তাৰ পাচতেই যোগী আদিত্যনাথে কাষ চাপিছিল উত্তৰ প্ৰদেশ আৰক্ষীৰ আৰু সুশান্ত গ’ল্ফ চিটি আৰক্ষীত ইতিমধ্যে দাখিল কৰিছে এজাহাৰ ৷
উল্লেখ্য যে, যোগী আদিত্যনাথলৈ হত্যাৰ ভাবুকি অহা নম্বৰটো উত্তৰ প্ৰদেশৰ 112 ৰ নিয়ন্ত্ৰণ কক্ষৰ বুলি চিনাক্ত কৰা হৈছে ৷ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰা বাৰ্তাটোৰ সন্দৰ্ভত নিৰীক্ষণ কোষৰ সহায়ত তদন্ত চলি আছে, যদিও সন্দেহজনক নম্বৰটোৰ সঠিক অৱস্থান সন্দৰ্ভত এতিয়াও কোনো তথ্য জানিব পৰা হোৱা নাই ।