নেশ্যনেল ডেস্ক,৫ আগষ্ট :মহাৰাষ্ট্ৰৰ কোলহাপুৰত চাঞ্চল্যকৰ ঘটনা । এখন ব্যক্তিগত বিদ্যালয় কৰ্তৃপক্ষৰ বিৰুদ্ধে হিন্দুত্ববাদী সংগঠনৰ প্ৰতিবাদ । দশম শ্ৰেণীৰ ছাত্ৰই পৰীক্ষাৰ উত্তৰ বহীত 'জয় শ্ৰী ৰাম' লিখাক লৈ তীব্ৰ উত্তেজনা ।
উল্লেখ্য যে কোলহাপুৰৰ এখন ব্যক্তিগত বিদ্যালয়ৰ দশম শ্ৰেণীৰ এজন ছাত্ৰই উত্তৰ বহীত 'জয় শ্ৰী ৰাম' লিখিছিল । সেই দেখি বিদ্যালয়খনৰ এগৰাকী শিক্ষকে আপত্তি দৰ্শাই ছাত্ৰজনক গালি-গালাজ কৰিছিল । ইয়াৰ পাছতে একাংশ হিন্দুত্ববাদী সংগঠনে বিদ্যালয়ত হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি কৰে । উক্ত শিক্ষক আৰু বিদ্যালয় প্ৰশাসনৰ বিৰুদ্ধে হিন্দুত্ববাদী সংগঠনসমূহে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ।
হিন্দুত্ববাদী সংগঠনৰ কৰ্মীসকলে বিদ্যালয়ৰ সন্মুখত একত্ৰিত হৈ প্ৰতিবাদ সাব্যস্ত কৰে । হিন্দুত্ববাদী সংগঠনসমূহে বিদ্যালয় প্ৰশাসনৰ বিৰুদ্ধে আক্ৰমণাত্মক হোৱা দেখা যায় । বিদ্যালয় প্ৰশাসন আৰু শিক্ষকৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ শ্ল'গান দিয়া দেখা যায় । হিন্দুত্ববাদী প্ৰতিবাদকাৰীয়ে কোনো ধৰ্মৰ শিক্ষাৰ্থীৰ ওপৰত ধৰ্মীয় প্ৰতিবন্ধকতা আৰোপ কৰিব নোৱাৰে বুলি দাবী কৰে ।