অসম

assam

ETV Bharat / bharat

Acid attack in UP: প্ৰেমজনিত কাৰণ; কন্যাক এচিডেৰে আক্ৰমণ পিতৃৰ

বিয়াৰ মাত্ৰ দুদিন পাচতে এগৰাকী মহিলাক পিতৃ আৰু জোঁৱায়েকে এচিডেৰে আক্ৰমণ কৰে (Acid attack in UP)। প্ৰেমিকৰ সৈতে যোগাযোগ কৰাৰ অভিযোগত মহিলাগৰাকীক আক্ৰমণ । আৰক্ষীয়ে ইতিমধ্যে অভিযুক্ত পিতৃ আৰু জোঁৱায়েকক গ্ৰেপ্তাৰ কৰিছে ।

By

Published : Apr 28, 2023, 11:23 AM IST

Acid attack in UP
কন্যাক এচিড আক্ৰমণ পিতৃৰ

নেশ্যনেল ডেস্ক,২৮ এপ্ৰিল :উত্তৰ প্ৰদেশত ভয়ংকৰ ঘটনা । প্ৰেমজনিত কাৰণৰ বাবে এচিড আক্ৰমণৰ বলি এগৰাকী মহিলা (Father attacks daughter with acid)। নিজৰে পিতৃ আৰু জোঁৱায়েকে সংঘটিত কৰিলে এই ঘটনা । গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত মহিলাগৰাকী । ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে দুই অভিযুক্তক । আন দুজন অভিযুক্ত পলাতক বুলি জানিব পৰা গৈছে ।

ঘটনাটো ২৫ এপ্ৰিলতহে পোহৰলৈ আহিছে । যেতিয়া মহিলাগৰাকীক আঘাতপ্ৰাপ্ত অৱস্থাত আগ্ৰাছ গাঁৱলৈ যোৱা পথৰ কাষত অৰণ্যত উদ্ধাৰ হৈছিল । মহিলাগৰাকীৰ বিয়াৰ দুদিন পাচতে এই চাঞ্চল্যকৰ ঘটনাটো সংঘটিত হয় (Acid attack in Bareily)।

অতিৰিক্ত আৰক্ষী অধীক্ষক ৰাজকুমাৰ আগৰৱালে জনোৱা মতে আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ আঘাতপ্ৰাপ্ত মহিলাগৰাকীক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছিল । আৰক্ষীৰ সূত্ৰৰ মতে মহিলাগৰাকীৰ কথিত প্ৰেম কাহিনীৰ কথা গম পোৱাৰ পাচতে পিতৃয়ে আন তিনিজন আত্মীয়ৰ সহযোগত মহিলাগৰাকীক এচিডৰে আক্ৰমণ কৰি হত্যাৰ চেষ্টা কৰে । সোধা-পোছাৰ অন্তত আঘাতপ্ৰাপ্ত মহিলাগৰাকীয়ে তেওঁৰ পৰিচয় আৰু অভিযুক্তৰ নাম প্ৰকাশ কৰে । ইয়াৰ পাচতে আৰক্ষীয়ে মহিলাগৰাকীৰ আত্মীয়সকলৰ সৈতে যোগাযোগ কৰে ।

জেৰাৰ সময়ত, আৰক্ষীয়ে পৰিয়ালৰ সদস্যসকলৰ ভাষ্যত সন্দেহৰ উমান পাইছে । জেৰাৰ অন্তত পোহৰলৈ আহিছে যে পিতৃ আৰু জোঁৱায়েকে শৌচালয় পৰিষ্কাৰ কৰাৰ বাবে ব্যৱহৃত এচিডেৰে মহিলাগৰাকীক আক্ৰমণ কৰে । জেৰাৰ অন্তত জানিব পৰা গৈছে যে ভুক্তভোগী মহিলাগৰাকীয়ে বিবাহৰ পাচত প্ৰাক্তন প্ৰেমিকৰ সৈতে কথা পাতিছিল । শহুৰেকৰ ঘৰত গৈয়ো মহিলাগৰাকীয়ে প্ৰেমিকাৰ সৈতে কথা পাতিছিল । যাৰ বাবে মহিলাগৰাকীৰ ওপৰত পিতৃ ক্ষোভিত হৈছিল । তেওঁলোকৰ মাজত কাজিয়া হৈছিল আৰু অৱশেষত এচিডেৰে আক্ৰমণ কৰে ।

আৰক্ষীয়ে পিতৃ আৰু জোঁৱায়েকক গ্ৰেপ্তাৰ কৰি নিজৰ জিম্মাত লৈছে । আৰক্ষীয়ে সম্প্ৰতি অভিযুক্তকেইজনক জেৰা অব্যাহত ৰাখিছে । মহিলাগৰাকীক আক্ৰমণৰ ক্ষেত্ৰত দুয়োজনকে সহায় কৰা আন দুজন আত্মীয় পলাতক যদিও আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে ।

লগতে পঢ়ক :SpiceJet Airlines : গুৱাহাটী বিমানবন্দৰত হঠাতে বাতিল স্পাইচজেটৰ বিমান, বিপদত যাত্ৰী

ABOUT THE AUTHOR

...view details