অসম

assam

ETV Bharat / bharat

উত্তৰ প্ৰদেশ নিৰ্বাচন: অযোধ্যাত 'ব্ৰাহ্মণ সন্মিলন'ৰ আয়োজন BSPৰ

23 জুলাইত অযোধ্যাত ব্ৰাহ্মণ সন্মিলনৰ আয়োজন ৷ মায়াৱতী নেতৃত্বাধীন বহুজন সমাজ পাৰ্টী(BSP)এ এই সন্মিলনৰ আয়োজন কৰিছে ৷ ব্ৰাহ্মণসকল যে কেৱল BSPৰ শাসনতহে সুৰক্ষিত সেই কথাৰ আশ্বাস দিয়াৰ উদ্দেশ্যে এই সন্মিলনৰ আয়োজন কৰা হৈছে বুলি মন্তব্য দলৰ মুৰব্বী মায়াৱতীৰ ৷

BSP to hold 'Brahmin Sammelan' on July 23 in Ayodhya
BSP to hold 'Brahmin Sammelan' on July 23 in Ayodhya

By

Published : Jul 18, 2021, 9:26 PM IST

নিউজ ডেস্ক, 18 জুলাই:আগন্তুক বছৰত অনুষ্ঠিত হ'বলগীয়া উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচনৰ পূৰ্বে 'ব্ৰাহ্মণ সন্মিলন' আয়োজন কৰাৰ সিদ্ধান্ত লৈছে মায়াৱতী নেতৃত্বাধীন BSP দলে ৷ দেওবাৰে বহুজন সমাজ পাৰ্টি(BSP)ৰ মুৰব্বী মায়াৱতীয়ে কয় যে, অহা বছৰৰ বাবে নিৰ্ধাৰিত বিধানসভা নিৰ্বাচনৰ পূৰ্বে দলে অযোধ্যাত ব্ৰাহ্মণ সন্মিলন আয়োজন কৰাৰ সিদ্ধান্ত লৈছে ৷ সেই অনুসৰি 23 জুলাইত অযোধ্যাত এই সন্মিলন অনুষ্ঠিত হ'ব ৷

লক্ষ্নৌত এক সংবাদমেল সম্বোধন কৰি মায়াৱতীয়ে কয় যে, পৰৱৰ্তী বিধানসভা নিৰ্বাচনত ব্ৰাহ্মণ লোকসকলে ভাৰতীয় জনতা পাৰ্টী(BJP)ক ভোট নিদিয়ে বুলি তেওঁ যথেষ্ট আশাবাদী ৷ তেওঁ লগতে এইবুলি কয় যে, ব্ৰাহ্মণসকল যে কেৱল BSPৰ শাসনৰ অধীনতহে সুৰক্ষিত সেই কথাৰ আশ্বাস দিয়াৰ উদ্দেশ্যে এই সন্মিলনৰ আয়োজন কৰা হৈছে ৷

লগতে পঢ়ক:বৰ্ষাকালীন অধিৱেশনৰ পূৰ্বে কংগ্ৰেছ সাংসদৰ সৈতে ছোনিয়া গান্ধীৰ বৈঠক

23 জুলাইত BSPৰ সাধাৰণ সম্পাদক এচ চি মিশ্ৰাৰ নেতৃত্বত অযোধ্যাৰ পৰা এক অভিযান আৰম্ভ কৰা হ'ব বুলি জানিবলৈ দি মায়াৱতীয়ে কয় যে, এই অভিযানৰ জৰিয়তে ব্ৰাহ্মণ সম্প্ৰদায়ৰ সৈতে সংযোগ স্থাপন কৰি কেৱল বিএছপিৰ শাসনত তেওঁলোকৰ স্বাৰ্থ সুৰক্ষিত বুলি আশ্বাস প্ৰদানৰ চেষ্টা কৰা হ'ব ৷ সোমবাৰৰ পৰা আৰম্ভ হ'বলগীয়া সংসদৰ বৰ্ষাকালীন অধিৱেশন সন্দৰ্ভতো মন্তব্য প্ৰদান কৰি BSPৰ মুৰব্বী গৰাকীয়ে কয় যে, এনে বহু বিষয় আছে যিসমূহ বিষয়ৰ ওপৰত ৰাইজে কেন্দ্ৰৰ ফালৰ পৰা দায়ৱদ্ধ পদক্ষেপ আশা কৰিছে ৷

লগতে পঢ়ক:বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতি: পঞ্জাৱ বিজেপিৰ সৈতে নাড্ডাৰ বৈঠক

সংসদৰ বৰ্ষাকালীন অধিৱেশনত দেশৰ লগতে জনসাধাৰণৰ লাভালাভ সম্পৰ্কীয় বিষয়সমূহ উত্থাপন কৰিবলৈও নিজ দলৰ সাংসদসকলক মায়ৱতীয়ে ইতিমধ্যে নিৰ্দেশ প্ৰদান কৰিছে ৷ জানিব পৰা মতে, ৰন্ধন গেছ আৰু ইন্ধনজাত সামগ্ৰীৰ বৰ্ধিত মূল্যৰ লগতে ক'ভিডৰ বিৰুদ্ধে চলি থকা টীকাকৰণ সম্পৰ্কীয় বিষয়সমূহ BSPএ সংসদত উত্থাপন কৰিব ৷ তিনিখন কৃষি আইনৰ বিৰুদ্ধে প্ৰতিবাদ কৰা কৃষকসকলৰ প্ৰতি চৰকাৰৰ উদাসীনতা অত্যন্ত দুখজনক বুলিও BSPৰ মুৰব্বী গৰাকীয়ে মন্তব্য প্ৰদান কৰে ৷

লগতে পঢ়ক:ভয়াতুৰসকলক RSSত যোগদানৰ পৰামৰ্শ ৰাহুল গান্ধীৰ

ABOUT THE AUTHOR

...view details