অসম

assam

By

Published : Dec 28, 2020, 8:07 AM IST

ETV Bharat / bharat

হাস্পতালৰ পৰা পলায়ন কৰা তিনি ক’ভিড-19ত আক্ৰান্ত কয়দীক পুনৰ আটক

বুলন্দশ্বহৰৰ এখন হাস্পতালৰ পৰা পলায়ন কৰা চাৰিজন ক’ভিড-19ত আক্ৰান্ত কয়দীৰ তিনিজনক পুনৰ আটক উত্তৰ প্ৰদেশ আৰক্ষীৰ ৷ পলাতক এজন কয়দীৰ অনুসন্ধান অব্যাহত ৷

prisoners rearrest
কয়দীক পুনৰ আটক

নেশ্যনেল ডেস্ক,28 ডিচেম্বৰ : দেওবাৰে উত্তৰ প্ৰদেশৰ বুলন্দশ্বহৰৰ এখন হাস্পতালৰ পৰা পলায়ন কৰা তিনি ক’ভিড পজিটিভ কয়দীক পুনৰ আটক কৰে জিলা আৰক্ষীয়ে ৷

বুলন্দশ্বহৰৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক সন্তোষ কুমাৰে সংবাদ মাধ্যমযোগে জনোৱা মতে, 19 ডিচেম্বৰত চাৰিজন কয়দীৰ দেহত ধৰা পৰিছিল ক’ভিড-19ৰ অৱস্থিতি ৷ ইয়াৰ পাচতে চাৰিওজনকে চিকিৎসাৰ বাবে হাস্পতালত ভৰ্তি কৰোৱা হৈছিল ৷

তেওঁলোকৰ ৱাৰ্ডৰ বাহিৰত আৰক্ষী জোৱান নিয়োগ কৰা হৈছিল যদিও চিকিৎসালয়ৰ ছাদলৈ যোৱা এখন দুৱাৰ ভিতৰৰ পৰা বন্ধ কৰি ৰখা হৈছিল । বন্ধ দুৱাৰৰ সুযোগ লৈ কয়দী কেইজনে দুৱাৰ ভাঙি পলায়ন কৰা বুলি জ্যেষ্ঠ আৰক্ষী অধীক্ষক গৰাকীয়ে সদৰি কৰে ৷

ঘটনা সংঘটিত হোৱাৰ পাচতে আৰক্ষীয়ে কয়দী চাৰিজনক বিচাৰিবলৈ আৰম্ভ কৰাৰ লগতে ঘটনা সন্দৰ্ভত অভিযোগ নামা দাখিল কৰে ৷ কয়দী কেইজনৰ তিনিজনক আটক কৰাৰ পাচত সুৰক্ষিতভাৱে ঘূৰাই আনিবলৈ এম্বুলেন্সৰ ব্যৱস্থা কৰা হৈছে ৷ পলাতক এজন কয়দীৰ বৰ্তমানো অনুসন্ধান অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷

লগতে পঢ়ক :মুফ্টী, আব্দুল্লাৰ বাবে ডিডিচি নিৰ্বাচন আছিল এক বিদায় অনুষ্ঠান : তৰুণ চুঘ

ABOUT THE AUTHOR

...view details