নেশ্যনেল ডেস্ক, ২৯ জুন: টুইটাৰৰ দুগৰাকী জ্যেষ্ঠ বিষয়াৰ বিৰুদ্ধে ভাৰতৰ মানচিত্ৰ বিকৃত ৰূপত প্ৰকাশ কৰাৰ অভিযোগ উত্থাপন কৰিছে সোঁপন্থী বজৰং দলৰ এজন কৰ্মকৰ্তাই । সোমবাৰে সন্ধিয়া উত্তৰ প্ৰদেশৰ বুলন্দচহৰ জিলাৰ আৰক্ষীয়ে খুৰজা নগৰ আৰক্ষী থানাত এই অভিযোগৰ ভিত্তিত এটা গোচৰ ৰুজু কৰে । টুইটাৰ ইণ্ডিয়াই প্ৰকাশ কৰা মানচিত্ৰখনত জম্মু-কাশ্মীৰ, লাডাখ কেন্দ্ৰীয় শাসিত অঞ্চলক ভাৰতৰ সীমাৰ বাহিৰত দেখুওৱা হৈছে ।
মানচিত্ৰখনত থকা এই ভুল তথ্য দৃষ্টিগোচৰ হোৱাৰ পাছতে সোমবাৰে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় । পিছত সোমবাৰে সন্ধিয়া টুইটাৰে সেই মানচিত্ৰখন আঁতৰাই দিয়ে । বজৰং দলৰ পশ্চিম উত্তৰ প্ৰদেশৰ আহ্বায়ক প্ৰবীণ ভাটিয়ে অভিযোগ উত্তাপন কৰিছে যে, টুইটাৰত উপস্থাপন কৰা বিশ্বৰ মানচিত্ৰখনত লাডাখ, জম্মু-কাশ্মীৰক ভাৰতৰ অংশ হিচাপে দেখুওৱা হোৱা নাই । এয়া অনিচ্ছাকৃত ভুল নহয় ।
এই কাৰ্যই তেওঁৰ লগতে সকলো ভাৰতীয়ৰ অনুভূতিক আঘাত হানিছে বুলি ক্ষোভ উজাৰে প্ৰবীণ ভাটি । এজাহাৰখন টুইটাৰ ইণ্ডিয়াৰ পৰিচালন সঞ্চালক মনীষ মহেশ্বৰী আৰু বাতৰি অংশীদাৰিত্বৰ মুৰব্বী অমৃতা ত্ৰিপাঠীৰ বিৰুদ্ধে দাখিল কৰা হৈছে । ভাৰতীয় দণ্ডবিধিৰ ৫০৫ (২)নং ধাৰাৰ অধীনত এটা গোচৰো ৰুজু কৰা হৈছে ।